Flood at Geetanagar Police Station: আধুনিকীকৰণৰ প্ৰকৃত ছবি; এজাক বৰষুণতেই বুৰিল গীতানগৰ আৰক্ষী থানা

By

Published : Aug 2, 2023, 10:16 PM IST

thumbnail

গুৱাহাটী, 2 আগষ্ট : স্মাৰ্ট চিটি হ’বলৈ আগবঢ়া গুৱাহাটী মহানগৰীৰ এক পঁয়া লগা দৃশ্য ৷ এজাক সাধাৰণ বৰষুণতেই বুৰিল মহানগৰীৰ গীতানগৰ আৰক্ষী থানা ৷ এজাক বৰষুণতে থানাখনৰ ভিতৰত একাঁঠু পর্যন্ত পানী হৈ সৃষ্টি হ’ল কদৰ্যময় পৰিৱেশৰ ৷  

ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীক আধুনিকীকৰণ কৰাৰ উদ্দেশ্যে মৈত্ৰী আচঁনিকে ধৰি কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে যদিও মহানগৰীৰ একাংশ থানাৰ দুৰৱস্থাই আধুনিকীকৰণৰ প্ৰকৃত ছবিখন উদঙাই দিছে ৷ ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগৰ গীতানগৰ থানাৰ কদৰ্যময় পৰিবেশে সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বুধবাৰে বিয়লিৰ ভাগত অহা এজাক বৰষুণতে থানাখনৰ চৌদিশে কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ এনে অবৰ্ণনীয় পৰিস্থিতিৰ মাজতে থানাখনৰ ভিতৰত একাঁঠু পৰ্যন্ত পানীত কৰ্তব্য সম্পাদন কৰিব লগীয়া হয় থানাখনৰ বিষয়া-জোৱানে ৷ 

ইফালে কৃত্ৰিম বানৰ ফলত থানাখনত প্ৰয়োজনীয় নথি-পত্ৰ নষ্ট হয় ৷ উপায়ন্তৰ হৈ কৰ্তব্যৰত আৰক্ষী সকলে হাতত বাল্টি, মগ, চৰিয়া লৈ পানী সিঁচাত ব্যস্ত হৈ থাকিবলগীয়া হয় ৷

লগতে পঢ়ক : Tree Plantation in Assam: ১৭ ছেপ্টেম্বৰত সমগ্ৰ অসমত ৰোপণ কৰা হ'ব এক কোটি গছপুলি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.