আৰক্ষী-প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি ন্যায় যাত্রাক বাধা দিয়াৰ চেষ্টা চলিছে: গৌৰৱ গগৈ

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 8:24 PM IST

thumbnail

যোৰহাট, ১৮ জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি উত্তৰ-পূবৰ ৰাইজৰ সঁহাৰি দেখি সন্তুষ্টি প্ৰকাশ গোৰৱ গগৈৰ । লগতে ইয়াৰ বাবে উত্তৰ-পূবৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ । কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি কয় যে ৰাহুল গান্ধীয়ে উত্তৰ-পূবক সামৰি উলিওৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি বিজেপি শংকিত হৈ পৰিছে ।

সেয়েহে আৰক্ষী আৰু প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি হ'লেও এই যাত্ৰা বিফল কৰা চেষ্টা চলাইছে । কিন্তু ৰাইজৰ সঁহাৰিৰ বাবে এই যাত্ৰাক বাধা দিয়াত সফল হোৱা নাই । তেওঁ লগতে কয়, বিজেপিয়ে চাহ শ্ৰমিক ৰাইজ আৰু কৃষকক অন্যায় কৰিছে । গৌৰৱ গগৈয়ে লগতে কয় যে নতুন শক্তি আৰু যুৱ সমাজক লৈ কংগ্ৰেছ আগবাঢ়ি যাব ।

উল্লেখ্য যে ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা আৰম্ভ কৰা এই ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত আঠ দিনৰ যাত্ৰাৰ সামৰণি মাৰি অৰুণাচলত প্ৰৱেশ কৰিব । এই যাত্ৰা পথ মুঠ ৬০০০ হেজাৰ কিলোমিটাৰৰ হ'ব বুলি জানিব পৰা গৈছে ।

এটা কথা উল্লেখ কৰিব লাগিব যে বৃহস্পতিবাৰে মৰিয়নীত যিকেইটা পথত ৰাহুল গান্ধীৰ ভোৰত জোড়ো ন্যায় যাত্ৰা অতিক্ৰম কৰিছিল, তাত কংগ্ৰেছৰ দলীয় পতাকাতকৈ বিজেপিৰ দলীয় পতাকাহে অধিক পৰিলক্ষিত হয় ।

লগতে পঢ়ক :ৰাহুলৰ ন্যায় যাত্ৰাই আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব : জীতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.