Ganja seized: ইটাখোলাত বুজন পৰিমাণৰ গাঞ্জাসহ দম্পতী আটক

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 3:38 PM IST

thumbnail

চতিয়া, 24 আগষ্ট: ৰাজ্যজুৰি অব্যাহত আছে নিচাযুক্ত সামগ্ৰী বিৰোধী অভিযান ৷ বৃহস্পতিবাৰে বিশ্বনাথৰ দিকৰাই দলঙৰ সমীপত ইটাখোলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এখন টেম্পুত চৈবাৰীৰ পৰা অহা এটা দম্পতীসহ সহ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দম্পতীটোৰ বেগৰ পৰা আৰক্ষীয়ে প্ৰায় 15,330 গ্ৰাম গাঞ্জা জব্দ কৰে । 

উল্লেখ্য যে, উক্ত গাঞ্জাখিনি ওদালগুৰি জিলাৰ পৰা বিক্ৰী কৰিবলৈ লৈ অহা হৈছিল ৷ ইটাখোলাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত অহা টহলদাৰী দলটোৱে  দুয়োকে আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে ৷ সৰবৰাহকাৰী দুটা হৈছে সঞ্জু গয়াৰী আৰু বীণা গয়াৰী ৷ দুয়োৰে ঘৰ ওদালগুৰিত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:Woman Death: ইউটিউব চাই মহিলাৰ প্ৰসৱ; সন্তান প্ৰসৱ কৰিয়েই মাতৃৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.