Bhaona performance in Majuli: ভাওনা উপভোগ কৰি আপ্লুত ফ্ৰান্সৰ পৰ্যটক

By

Published : Feb 25, 2023, 1:37 PM IST

thumbnail

মাজুলী,২৫ ফ্ৰেব্ৰুৱাৰী: অসমৰ সৰ্বতোকালৰ সৰ্বোত্তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ(Srimanta Sankardeva) অনুপম সৃষ্টি অংকীয়া নাট ভাওনা । বৰ্তমান সময়ত এই ভাওনাই আকৰ্ষিত কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ লোককো । বহু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰদৰ্শন কৰা হৈছে ভাওনা(Bhaona is being shown in the international context) । ইফালে ভাওনা বুলি ক'লেই যেন প্ৰথমেই মনলৈ আহে সত্ৰনগৰী মাজুলীৰ কথা । মাাজুলীত প্ৰদৰ্শিত ভাওনা প্ৰায়েই উপভোগ কৰে ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন পৰ্যটকে । 

এইবাৰ সত্ৰ নগৰী মাজুলীত ফ্ৰান্সৰ পৰ্যটকে উপভোগ কৰিলে গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা(French tourist enjoys bhauna in Majuli) । মাজুলীৰ অতি ভিতৰুৱা অঞ্চল উত্তৰ গায়ন গাঁৱৰ শিৱ মন্দিৰত অনুষ্ঠিত হৈছিল কুৰ্ম অৱতাৰ নামৰ ভাওনাভাগ (Bhaona performance in Majuli) । এই ভাওনা ভাগ উপভোগ কৰে ফ্ৰান্সৰ দুই পৰ্যটকে । সাত সাগৰ তেৰ নদী সিপাৰৰ পৰা অহা পৰ্যটক দুজনে প্ৰতিকূল বতৰকো নেওচি ভাওনা উপভোগ কৰিবলৈ উপস্থিত হোৱাত আনন্দিত হৈ পৰে গাঁওবাসীৰ লগতে অঞ্চলটোৰ লোক । 

ভাওনা উপভোগ কৰাৰ লগতে ফ্ৰান্সৰ পৰ্যটকে উপভোগ কৰিলে ৰূপসজ্জা । ভাওনা উপভোগ কৰি এই দুই ফ্ৰান্সৰ পৰ্যটক আপ্লুত হোৱা বুলি জনাই থৈ গ'ল ভাওনা আয়োজকৰ লগতে স্থানীয় লোকসকলৰ আগত । গাঁৱৰ ৰাইজৰ লগত বহি ফ্ৰান্সৰ পৰ্যটকে দুজনে আনন্দ মনেৰে ভাওনা উপভোগ কৰালৈ চাই বুজিব পৰা গৈছে যে আজিৰ তাৰিখত অসমীয়া সংস্কৃতিয়ে বিশ্ব দৰবাৰত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে । 

উল্লেখ্য যে, সত্ৰনগৰী মাজুলী বুলি ক'লেই অসমৰ সাতামপুৰুষীয়া সংস্কৃতি জীৱন্ত কৰি ৰখা এখন ছবি ভাঁঁহি আহে মানসপটত । কেৱল ভাওনাই নহয়, ভাওনাৰ লগত জৰিত পোচাক, ৰূপ সজ্জা, মঞ্চ সজ্জা আদিৰ ক্ষেত্ৰতো দেখা যায় মাজুলীত বিশেষ এখন ছবি । ইফালে মুখাশিল্প চাবলৈ দেশী-বিদেশী পৰ্যটকৰ ভিৰ আছেই । 

লগতে পঢ়ক: Handmade gun recovered: কলিয়াবৰ চাহ বাগিচাত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ; দুই দুষ্কৃতিকাৰীৰ পলায়ন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.