Tiger menace at Kaliabor : বাঘৰ ভয়ে খেদিছে কলিয়াবৰবাসীক; ৰাস্তাৰ কাষতেই বহি থাকে বনৰজা

By

Published : Mar 12, 2023, 11:28 AM IST

thumbnail

কলিয়াবৰ, 12 মাৰ্চ : কলিয়াবৰত অব্যাহত আছে বনৰজাৰ ত্ৰাস ৷ কলিয়াবৰৰ শিলঘাটত ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে জনসাধাৰণ ৷ দীৰ্ঘদিন ধৰি কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলায় অহা ঢেকীয়াপতীয়া বাঘে শিলঘাট-কামাখ্যা পথত বিচৰণ কৰাৰ লগতে কলিয়াবৰ চাহ বাগিচা অঞ্চলতো আতংকৰ সৃষ্টি কৰি আহিছে । শিলঘাটৰ ৰবৰবাৰী, ত্ৰিশূলধাৰী মন্দিৰলৈ যোৱা পথ, হাতীমূৰা অঞ্চলত বাঘৰ সঘন বিচৰণে অতংকিত কৰি তুলিছে সৰ্বসাধাৰণক (Royal Bengal Tiger terror in Kaliabor)। 

অঞ্চলটোৰ কেইবা ঠাইতো বাঘে গৰু-ছাগলী নিধন কৰিছে । খাদ‍্যৰ সন্ধানত গাঁও অঞ্চলত বাঘৰ বিচৰণে গঞা ৰাইজক নিৰাপত্তাহীনতাত ভোগাইছে । জানিব পৰা মতে এটা দুটা নহয়, বাঘৰ এটা পৰিয়াল আশ্ৰয় লৈছে কামাখ্যা সংৰক্ষিত বনাঞ্চল আৰু হাতীমূৰা পাহাৰত (Royal Bengal Tiger spotted at Kaliabor)। বনবিভাগে শিলঘাট-কামাখ্যা সংযোগী পথত দৈনিক পহৰা দিছে যদিও বাঘৰ মুক্ত বিচৰণে স্বাভাৱিক জীৱন-যাত্ৰাক প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে (Royal Bengal Tiger at Kaliabor)  । 

লগতে পঢ়ক : Eviction drive in Silsako beel : জিঞ্জাৰ হোটেলৰ লগতে উচ্ছেদ হ’বনে জয়ন্ত মল্ল বৰুৱাৰ পিতৃৰ নামত নিৰ্মিত পথ

দৰাচলতে, বনাঞ্চলৰ পৰিসৰ কমি অহাৰ ফলতে খাদ্য বাসস্থানৰ সন্ধানত বনৰীয়া জীৱ-জন্তবোৰ জনাঞ্চললৈ ওলায় আহিবলৈ বাধ্য হৈছে আৰু ইয়ে ক্ৰমাৎ বৃদ্ধি কৰি তুলিছে বন্য জন্তু আৰু মানুহৰ সংঘাত (Wildlife and human conflict in Assam)৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.