Rhinos Roam Free: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাঁৱত গঁড়ৰ মুক্ত বিচৰণ

By

Published : Nov 1, 2022, 10:43 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গ্ৰামাঞ্চলত বিভিন্ন সময়ত বন্য জন্তুৰ মুক্ত বিচৰণ পৰিলক্ষিত হয় (Rhinos Roam Free) ৷ সোমবাৰে দিনৰ ভাগতো কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া গ্ৰাম্যাঞ্চলত দেখা গ’ল এটা প্ৰকাণ্ড গঁড়ৰ বিচৰণ৷ কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰৰ সমীপৰ মিহিমুখ-শ’লমৰা অঞ্চলত গাঁও আৰু খেতি পথাৰত প্ৰৱেশ কৰা গঁড়টো ৰাইজৰ লগতে পশুধনৰ বাবে হৈ পৰে ত্ৰাসৰ কাৰণ ৷ পথাৰত চৰি থকা গৰু-ছাগলীৰ মাজত সোমাই পৰা গঁড়টোৱে আক্ৰমণ কৰি আহত কৰে এটা গৰু ৷ বনকৰ্মীয়ে খবৰ পাই গঁড়টো পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ খেদি পঠিয়াবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ অৱশেষত কেইবা ঘন্টাৰ অন্তত বনকৰ্মীসকলে শূন্যলৈ গুলী ফুটাই গঁড়টো উদ্যানলৈ খেদি পঠিয়াবলৈ সক্ষম হয় ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.