Rangia Medical Camp : বিধায়ক ভবেশ কলিতাৰ উদ‍্যোগত ৰঙিয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰ

By

Published : Aug 21, 2023, 7:59 PM IST

thumbnail

ৰঙিয়া,21 আগষ্ট:সোমবাৰে ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ উদ‍্যোগত এই স্বাস্থ্যশিবিৰ আয়োজন কৰা হয় ৷ কামৰূপ জিলা স্বাস্থ্য সমিতি আৰু ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত শিবিৰটো উদ্বোধন কৰে পাণ্ডুৰী জিলা পৰিষদৰ সদস্য লিটন কলিতাই । শিবিৰটোত ৰঙিয়াৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত আঠ গৰাকী অভিজ্ঞ চিকিৎসকে স্থানীয় লোকৰ স্বাস্থ্য পৰীক্ষা কৰে ।

শিবিৰটোত স্ত্ৰী ৰোগ, চকু, নাক, কাণ, দাঁত, শিশুৰোগ সহ কেইবাটাও বিভাগৰ ৰোগীসকলক চিকিৎসা প্ৰদান কৰা হয় । শিবিৰটোত বিনামূলীয়াকৈ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয় । এদিনীয়া কৈ আয়োজন কৰা এই শিবিৰটোত প্ৰায় চাৰি শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয় ।  আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাস, তুলসীবাৰী বহুমুখী উচ্চতৰ বিদ্যালয়ৰ অধ্যক্ষা লিনু বৰদলৈসহ বহু কেইগৰাকী বিশিষ্ট লোক ।

লগতে পঢ়ক :Attempt to kidnap: বিদ্যালয়ৰ পৰা আহি থকাৰ পথত ছাত্ৰক অপহৰণৰ অপচেষ্টা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.