Fraudsters extort money from patients: জটিল ৰোগত আক্ৰান্ত যুৱকৰ পৰা প্ৰৱঞ্চকে বুদ্ধিৰে সৰকালে ধন

By

Published : Mar 1, 2023, 12:51 PM IST

Updated : Mar 1, 2023, 1:35 PM IST

thumbnail

আমগুৰি, ১ মাৰ্চ : দুষ্ট চক্ৰৰ কৱলৰ পৰা নাসাৰিল জটিল ৰোগত আক্ৰান্ত ৰোগীও ৷ এইবাৰ এনে দুষ্ট চক্ৰৰ সহজ টাৰ্গেট হৈ পৰা পৰিলক্ষিত হ’ল ৰাজ্যৰ এগৰাকী জটিল ৰোগত আক্ৰান্ত যুৱক । প্ৰৱঞ্চনাৰে যুৱকজনৰ পৰা সৰকাই নিলে ধন (Fraudsters extort money from patients ) ৷ 

ঘটনাৰ স্থান শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতিৰ খনিকৰ গাঁৱৰ ৷ বহুদিনৰে পৰা জটিল ৰোগত আক্ৰান্ত হৈ থকা গাঁওখনৰ এজন যুৱক হ’ল মুকুন্দ মাধৱ খনিকৰ ৷ আয়ুস্মান ভাৰতৰ নাম লৈ যুৱকজনৰ পৰা প্ৰৱঞ্চকে সৰকালে ধন ৷ উল্লেখ্য যে, আৰ্থিকভাৱে টনকিয়াল পৰিয়ালৰ নোহোৱা মুকুন্দ মাধৱ খনিকৰে নিজৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে সামাজিক মাধ্যমযোগে ৰাইজৰ পৰা বিচাৰি আহিছিল আৰ্থিক সাহায্য ৷ ইয়াৰে সুযোগ উঠালে প্ৰৱঞ্চক চক্ৰটোৱে ৷

উল্লেখ্য যে, সামাজিক মাধ্যমযোগে আৰ্থিক সাহায্য বিচৰাৰ পোষ্টত মুকুন্দ মাধৱ খনিকৰে উল্লেখ কৰিছিল নিজৰ নাম, ঠিকনাৰ লগতে ফোন নম্বৰটোও ৷ মুকুন্দ মাধৱৰ ফোন নম্বৰলৈ 9401949927 নম্বৰৰ পৰা ফোন কৰি মুকুন্দক আয়ুস্মান ভাৰত আঁচনিৰ জৰিয়তে চিকিৎসা সেৱাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি অৱগত কৰে আৰু হোৱাটছ এপৰ জৰিয়তে মুকুন্দৰ নথি-পত্ৰ সমূহ সংগ্ৰহ কৰে (looted money in the name of Ayushman Bharat )৷

নথি-পত্ৰ সমূহ সংগ্ৰহ কৰাৰ পিছতেই ১৫০০ টকা বিচাৰে উক্ত চক্ৰটোৱে ৷ যুৱকজনে 1500 টকা দিয়াৰ পৰা বিৰত থাকে যদিও মাতৃয়ে পুত্ৰৰ চিকিৎসাৰ কথা চিন্তা কৰি ১৫০০ টকা একাউণ্টত দি দিয়ে । দুৰ্ভাগ্যবশতঃ ইয়াৰ পিছতেই বন্ধ হৈ পৰে প্ৰৱঞ্চক চক্ৰটোৰ মোবাইল নম্বৰটো । ফোন কৰা লোকজনে নিজকে আয়ুস্মান ভাৰতৰ স্বাস্থ্য তদন্তকাৰী বিষয়া বুলি পৰিচয় দিছিল (Fraud in the name of Ayushman Bharat at Sivsagar) । 

ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী মুকুন্দই স্থানীয় নামতি আৰক্ষীক অৱগত কৰিছে বুলি জানিবলৈ পৰা গৈছে । তদুপৰি সমগ্ৰ বিষয়টোক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী যুৱকজনে ৷

লগতে পঢ়ক : Grenade recovered in Nagaon : নগাঁৱৰ ৰূপহীহাটত ক'ৰ পৰা আহিল দুটাকৈ সজীৱ গ্ৰেণেড ?

Last Updated : Mar 1, 2023, 1:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.