Crime in Hojai: হোজাইত আৰক্ষীৰ জালত এইবাৰ পৰিল ভুৱা শিক্ষক

By

Published : Jul 9, 2023, 5:41 PM IST

thumbnail

হোজাই, ৯ জুলাই: হোজাইত ভুৱা শিক্ষক গ্ৰেপ্তাৰ । খাইৰুল ইছলাম নামৰ লোকজনে ভুৱা ছীল মোহৰেৰে হোজাই পদুম পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলি চিনাকি দি ফুৰিছিল । আজি ভাগ্য বেয়া আছিল ভুৱা প্ৰধান শিক্ষক ৰূপী খাইৰুল ইছলামৰ । দেওবাৰে খাইৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বিদ্যালয়খনৰ নামত প্ৰস্তুত কৰা দুটাকৈ ভুৱা ছীল । আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছে এখন ৰেজিষ্টাৰ বুক, কেইবাখনো কিতাপ আৰু এখন চুৰি ।

খাইৰুল ইছলাম নামৰ লোকজনৰ কাৰ্যকলাপ সন্দৰ্ভত স্থানীয় এজন লোকেৰ সন্দেহ ওপজাত স্থানীয় আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত জালত পৰিল ভুৱা শিক্ষকটো । ধৃত প্ৰবঞ্চক খাইৰুল ইছলামৰ ঘৰ নগাঁও দিলাৰ জুৰীয়াৰ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Minister Keshab Mahanta at Rangia: ফলাফল ঘোষণাৰ দিনাই চিকিৎসকক প্ৰদান কৰা হ’ব নিযুক্তি - স্বাস্থ্যমন্ত্ৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.