Lady fraud in Tinsukia: ডিগবৈত চাকৰি দিয়াৰ নামত ধন লোৱা অভিযোগত মহিলাক গ্ৰেপ্তাৰ

By

Published : May 28, 2023, 1:29 PM IST

thumbnail

তিনিচুকীয়া, ২৮ মে': আই অ' চি, অইলত চাকৰি দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হ'ল ডিগবৈৰ প্ৰৱঞ্চক অবিস্মিতা চাংমাই (Fraud arrested in Tinsukia)। পেট্ৰ'লিয়াম মন্ত্ৰীৰ নাম লৈ লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ অবিস্মিতা চাংমাইৰ বিৰুদ্ধে । চাকৰি দিব বুলি ধন লোৱা প্ৰায় ২০-২৫ টা পৰিয়ালৰ লোকে শনিবাৰে অবিস্মিতাৰ ইটাভাটাস্থিত বাসগৃহত উপস্থিত হৈ ধন ঘূৰাই দিবলৈ দাবী জনায় । ধন ঘূৰাই দিয়াৰ সলনি অবিস্মিতাই ভুক্তভোগী পৰিয়ালক অশ্লীল গালিহে দিয়ে বুলি অভিযোগ উঠিছে ।

অৱশেষত আৰক্ষীয়ে চাংমাইৰ ঘৰত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে । ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে অবিস্মিতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/৫০৬/১২০(বি)/৩৮৬/৫০৬ ধাৰাৰ অধীনত ৯৯/২৩ আৰু ১১১/২৩ নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । এই ধন সংগ্ৰহত অবিস্মিতাক প্ৰত্যক্ষ সহযোগ কৰা ডুমডুমাৰ এজন নামঘৰীয়া মহেন্দ্ৰ নেওগকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Two fraud arrested at Digboi)।

লগতে পঢ়ক:Silchar Collegiate School controversy: শিলচৰ কলেজিয়েট স্কুলত মাচুল বৃদ্ধিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.