দেৰগাঁও পথ দুৰ্ঘটনা: একেটা পৰিয়ালৰে চাৰিগৰাকীৰ মৃত্যু, কান্দোনত ভাগি পৰিছে আত্মীয়

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 1:24 PM IST

thumbnail

গোলাঘাট, 4 জানুৱাৰী : গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাৰ পিচতেই বছা বকতিয়াল জ্ঞানদ্বীপ উচ্চ মাধ্যমিক বিদ্যালয়ত কান্দোনৰ ৰোল উঠিছে ৷ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা শুভাংকৰ শইকীয়াই অধ্যয়ন কৰা বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে কান্দি কান্দি ভাগি পৰিছে ৷ আনহাতে ঘৰত পিতৃয়ে পুত্ৰ আৰু পত্নীৰ কথা কৈ শোকবিহ্বল হৈ পৰিছে ৷ 

বুধবাৰে দেৰগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ দীপালী শইকীয়া, শুভাংকৰ শইকীয়া, পিংকী শইকীয়া আৰু নিহাৰিকা শইকীয়াৰ মৃত্যুৰ পিচতে ঘৰখনৰ মুৰব্বী বসন্ত শইকীয়া কান্দোনত ভাগি পৰিছে ৷ বসন্ত শইকীয়াই একে নিশাই মুখাগ্নি কৰিবলগীয়া হয় চাৰিখনকৈ চিতা । 

মৃত শুভাংকৰ অতি মেধাসম্পন্ন আছিল ৷ শেহতীয়াকৈ বিদ্যালয় সপ্তাহত 8 টা পুৰস্কাৰ লাভ কৰি 2 জানুৱাৰীত পিতৃৰ হাতত হাঁহি মুখে তুলি দিছিলহি বঁটাসমূহ। তাৰ পিচতেই নিয়তিয়ে লৈ গ’ল শুভাংকৰক ৷ ঘৰখনত মাত দিবলৈও এতিয়া কোনো নাই বুলি শোকত ভাগি পৰিছে বসন্ত শইকীয়া ৷

লগতে পঢ়ক: দেৰগাঁও পথ দুৰ্ঘটনা : সংকটমুক্ত নহয় GMCH ত ভৰ্তি 4 গৰাকী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.