Irrigation scheme: 20 বছৰে বিকল আঁচনি পুনৰুজ্জীৱিত কৰিবলৈ গা লৰিল জলসিঞ্চন বিভাগৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:15 AM IST

thumbnail

ৰহা, 14 নৱেম্বৰ : সুদীৰ্ঘ বিশ বছৰৰ পিচত আশাৰ ৰেঙনি দেখিছে ৰহাৰ গছপৰাৰ এটা বৃহৎ অঞ্চলৰ খেতিয়ক ৰাইজে। পথাৰত পানীৰ অভাৱত কৃষকে হাবাথুৰি খোৱা কৃষিপ্ৰধান অঞ্চলটোত বিগত 20 বছৰে বিকল হৈ আছিল অঞ্চলটোৰ একমাত্ৰ জলসিঞ্চন আঁচনিখন। 

1987-88 চনতে বৰপানী নদীত স্থাপন কৰা হৈছিল ব্ৰাজ পদ্ধতিৰ বৈদ্যুতিক উত্তোলিত এই জলসিঞ্চন আঁচনিখন। কিন্তু কেইবছৰমান পথাৰত পানীৰ যোগান ধৰাৰ পিচতে বিকল হৈ পৰে আঁচনিৰ যন্ত্ৰ-পাতি। জলসিঞ্চন বিভাগে বিকল যন্ত্ৰ-পাতি মেৰামতি নকৰাত বিগত বিশ বছৰে বন্ধ হৈ আছে অঞ্চলটোৰ অতি গুৰুত্বপূৰ্ণ আঁচনিখন। ফলত প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ বহু সময়ত পানীৰ অভাৱত খেতিয়কে সময়মতে খেতি কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

এই বিষয়ে একাধিকবাৰ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো গা লৰা নাছিল জলসিঞ্চন বিভাগ তথা চৰকাৰৰ। অৱশেষত অঞ্চলটোৰ একমাত্ৰ তথা গুৰুত্বপূৰ্ণ আঁচনিখন সচল কৰাৰ বাবে পুনৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। সোমবাৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে এই জলসিঞ্চন আঁচনিখন পুনৰ স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰে ৷ এই আঁচনিখন পুনৰুজ্জীৱিত কৰিবলৈ 2 কোটি দহ লাখ টকা ব্যয় কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ 

লক্ষণীয় যে, বৰপানী নদীৰ এই জলসিঞ্চন আঁচনিখনে প্ৰায় দুশ হেক্টৰ কৃষিভূমি সামৰি ল'ব। আধাৰশিলা অনুষ্ঠানত জলসিঞ্চন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে স্থানীয় বহু লোক উপস্থিত থাকে। আঁচনিখন পুনৰ স্থাপনে অঞ্চলটোৰ কৃষক ৰাইজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

লগতে পঢ়ক: Anti Drugs operation: লংকাত হেৰ’ইন ভৰ্তি কণ্টেইনাৰসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.