Foundation Day of SGSA: জোনাইত সন্মিলিত গণশক্তি অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Nov 21, 2022, 2:16 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

দেওবাৰে জোনাইৰ মিছিং কৃষ্টি ভৱনত উদযাপন কৰা হয় সন্মিলিত গণশক্তি অসম দলৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (18th Foundation Day of SGSA) ৷ সন্মিলিত গণ শক্তি অসমৰ জোনাই ব্লক সমিতিৰ কাৰ্যকৰী সভাপতি বীৰ বাহাদুৰ লিম্বুৱে দলীয় পতকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পন কৰে সম্পাদক অতুল পেগুৱে ৷ বীৰ বাহাদুৰ লিম্বুৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে দলটোৰ ব্লক সমিতিৰ সম্পাদক অচ্যুৎ দলেয়ে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা সন্মিলিত গণ শক্তি অসমৰ কেন্দ্ৰীয় পৰ্য্যবেক্ষক সুচিল কুমাৰ পেগুৱে আগবঢ়াই বক্তব্য ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জোনাইৰ পকপাং মেদকৰ সোঁৱৰণীত জোনাইৰ বিশিষ্ট সমাজকৰ্মী, প্ৰতিষ্ঠিত ঠিকাদাৰ, ব্যৱসায়ী আৰু জোনাই মহকুমাৰ কেইবাটাও আত্মসহায়ক গোটক একোখননৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.