Elephant death in Jorhat: ৰে’ল বিভাগৰ সৈতে আলোচনাত মিলিত হ’ব বনবিভাগ

By

Published : Jan 26, 2023, 5:29 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মৰিয়নীত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত বুধবাৰে নিশা এটা বন্যহস্তীয়ে মৃত্যুক আঁকোৱালি লোৱা ঘটনাক দুখ প্ৰকাশ কৰিছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে(Forest Minister Chandra Mohan Patowary) । ৰে‘ল বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই বন্যহস্তীটোৰ মৃত্যু হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী পাটোৱাৰীয়ে ৰে’লৰ খুন্দাত বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৰোধ কৰাৰ বাবে শীঘ্ৰেই বনবিভাগে ৰে’ল বিভাগৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে(Wild elephant died in train collision) ।

উল্লেখ্য যে, মৰিয়নীত দ্ৰুতবেগী ৰে'লৰ খুন্দাত বুধবাৰে নিশা মৃত্যু হৈছিল এটা বন্যহস্তীৰ(Elephant death in Jorhat) । গিৱন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে'লপথৰ ৩৭৫৩ নম্বৰৰ খুঁটাৰ সমীপত সংঘটিত হৈছিল এই কৰুণ ঘটনা(Gibbon Wildlife Sanctuary) । গিৱন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই যোৱা বন্যহস্তীৰ জাকটোৱে ৰে'লপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰা সময়তে নিশা প্ৰায় ১০.৪৫ বজাত ১৫৯৬০ নম্বৰৰ নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় বন্যহস্তীটোৰ ।

প্ৰায় ৬-৭ বছৰীয়া বন্যহস্তীটোক দ্ৰুতবেগী ৰে'লখনে প্ৰায় ৫০ মিটাৰ চোঁচৰাই নিয়ে । ৰে'ল বিভাগৰ চৰম গাফিলতিৰ বাবেই বন্যহস্তীটোৱে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰে'ল পথচোৱাত বন্যহস্তীৰ অৱস্থানৰ বিষয়ে ৭.৪৫ বজাত বন বিভাগৰ হস্তী কৰিডৰত কৰ্তব্যত নিয়োজিত বনকৰ্মীয়ে ৰে'ল বিভাগৰ নিয়ন্ত্ৰণ কক্ষক অৱগত কৰিছিল । ইয়াৰ পাছতো কামৰূপ এক্সপ্ৰেছখনৰ লক' পাইলটে গতি বেগ নিয়ন্ত্ৰণ নকৰাৰ ফলতে পুনৰ এটা বন্যহস্তীটোৱে মৃত্যুক আঁকোৱালী ল'বলগীয়া হয় ।

উল্লেখ্য যে, বুধবাৰে বন্যহস্তীটোৰ মৃত্যু হোৱা স্থানত বন্যহস্তীৰ কেইবাটাও কৰিডৰ থকা লগতে উক্ত স্থানতে পূৰ্বে ৪ টা বন্যহস্তীয়ে দ্ৰুতবেগী ৰে'লৰ খুন্দাত মৃত্যুক আঁকোৱালী লৈছিল । যোৱা বছৰৰ অক্টোবৰৰ ৯ তাৰিখে নিশাও তিনিটাকৈ বন্যহস্তীৰ দ্ৰুত বেগী ৰে'লৰ খুন্দাত মৃত্যু হৈছিল । মনকৰিবলগীয়া যে, গিৱন অভয়াৰণ্য মাজেৰে ৰে'লৰ গতিবেগ ৩০ কিল’মিটাৰ নিৰ্দিষ্ট কৰা আছে যদিও ৰে'ল বিভাগৰ লক' পাইলটে এই নিৰ্দেশ পালন নকৰাৰ বাবেই অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে'লপথচোৱা বন্যহস্তীৰ বাবে মৃত্যুঘাটিলৈ পৰিণত হৈছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.