Foreign Tourists at Kaliabor : কলিয়াবৰত ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 7:10 PM IST

thumbnail

কলিয়াবৰ, 26 অক্টোবৰ : বৃহস্পতিবাৰে কলিয়াবৰত দেখা গ’ল এক ভাললগা দৃশ্য ৷ বিহুৱাৰ ঢোলৰ শবদত বিহুৱতীৰ লগত সমানে সমানে কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে ৷ প্ৰতিগৰাকী অসমীয়াৰ দৰেই ঢোলৰ ছেও শুনি যেন ৰ’বই নোৱাৰিলে বিদেশী পৰ্যটক কেইগৰাকীয়ে ৷

ৰাজ্যত শৰতৰ আগমণৰ লগে লগে বিদেশী পৰ্যটকৰ আগমন ঘটিছে । ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে ব্ৰহ্মপুত্ৰ নদীপথেৰে শিলঘাটত উপস্থিত ৮ গৰাকী বিদেশী পৰ্যটক । বৃহস্পতিবাৰে নদীপথেৰে ইংলেণ্ডৰ ৬ গৰাকী আৰু আয়াৰলেণ্ডৰ দুগৰাকী পৰ্যটক কলিয়াবৰৰ শিলঘাটত উপস্থিত হয় ৷ উপস্থিত হৈয়েই শিলঘাট জাহাজঘাটৰ সমীপতে অৱস্থিত অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে পৰ্যটকৰ দলটোৱে । ইয়াৰ পাচতেই কাজিৰঙালৈ বুলি যাত্ৰা কৰা পথত কলিয়াবৰ চাহ বাগিচাত ঢোলৰ চাপৰত ককাল ঘূৰাই নাচিলে বিদেশী পৰ্যটক কেইগৰাকীয়ে ।

লগতে পঢ়ক : Elephants Appointed at KNP : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন কৰ্মচাৰী ধনমালা, সোণমলা আৰু কাঞ্চন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.