Flood affected people in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বিষহ কৰি তুলিছে ধেমাজিবাসীৰ জীৱন

By

Published : Jul 28, 2023, 9:15 PM IST

thumbnail

ধেমাজি, 28 জুলাই : বানে গৰকা অসম ! কেতিয়াবা শেষ হ’বনে বানৰ ত্ৰাস ? বান অহাৰ পূৰ্বেই প্ৰশাসনে নলয় কিয় সঠিক প্ৰতিৰোধ ব্যৱস্থা ৷ বানে প্ৰাকৃতিক দুৰ্যোগ, নিশ্চয়কৈ ইয়াক ৰোধ কৰো বুলি ৰোধ কৰিব নোৱাৰি, কিন্তু বিজ্ঞানসন্মতভাৱে পৰিকল্পনা কৰি নিশ্চয়কৈ ৰাইজ আৰু পশুধনক ইয়াৰ পৰা বচাব পাৰি ৷

ধেমাজিত উপৰ্যুপৰি জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীয়ে ব্যতিব্যস্ত কৰি তুলিছে ৰাইজক ৷ বিশেষকৈ জীয়াঢল চাৰিআলিৰ সমীপৰ ন আলি ভজু গাঁৱলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আজিও পানী বাগৰি আছে ৷ অৱশ্যে কালিৰ তুলনাত আজি কিছু হ্ৰাস পাইছে যদিও সম্ভাৱ্য দূৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ নিৰ্দেশ মতে বিকল্প পথেৰে জীয়াঢল চাৰিআলি ৰ পৰা বুটিকুৰ হৈ নৰোৱাথান আৰু চমৰাজান হৈ সৰু সৰু যান বাহনসমূহৰ চলাচল অব্যাহত আছে  ৷

ইপিনে এই বাঢ়নী পানীৰ ফলত ন আলি ভজু গাৱঁৰ বহুলোকৰ ঘৰৰ ভিতৰত হৈছে একাঠু পৰ্যন্ত পানী ৷  যাৰ ফলত খোৱা পানীকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । তদুপৰি পশুধনৰ বাবেও খাদ্যৰ ব্যাপক নাটনি হৈছে  ৷ ন আলি ভজু গাৱঁৰ বানাক্ৰান্তই ধেমাজি প্ৰশাসনে খবৰ নোলোৱা বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাক অন্ধ আখ্যা দি তীব্ৰ সমালোচনা কৰে  ৷

লগতে পঢ়ক : Flood effect in Assam : ধেমাজিত কমা নাই বান, জিলা প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.