Flood in Assam: খঙাল শিঙৰা নৈক তুষ্ট কৰিবলৈ ৰাইজৰ নাম-কীৰ্তন

By

Published : Jun 27, 2023, 11:02 PM IST

thumbnail

লখিমপুৰ 27 জুন: কেইদিনমানৰ পুৰ্বে লখিমপুৰৰ নাওবৈচা অঞ্চলত মথাউৰি ছিঙি শিঙৰা নৈয়ে ত্ৰাসৰ সৃষ্টি কৰিছিল । অৰ্ধশতাধিক গাঁও বানৰ কবলত পৰিছিল ৷ বানত ক্ষতিগ্ৰস্ত লোকৰ চকুত এতিয়া কেৱল চকুলো । এতিয়াও আশ্ৰয় শিবিৰত আছে বহুলোক । বানত সকলো হেৰুৱাই হুমুনিয়াহ কাঢ়িছে ৰাইজে ৷ 

বান পৰিস্থিতি সামান্য উন্নত হ’লে দুৰ্গত লোকৰ দুৰ্ভোগ কমা নাই । বৰং নিতৌ ন-ন সমস্যাত পৰিছে বন্যাৰ্ত ৰাইজ । সেয়ে মঙলবাৰে নৈপৰীয়া ৰাইজে সমবেত হৈ নৈৰ পাৰত নাম কীৰ্তন আয়োজন কৰে । চকুৰ আগতেই নদীৰ বুকুত সপোনৰ ঘৰখন হেৰুৱাই ৰাইজে নাম-কীৰ্তনেৰে অদৃশ্যজনৰ কৃপা কামনা কৰি দুৰ্যোগৰ পৰা মুক্তি দিয়াৰ প্ৰাৰ্থনা জনায় । 

চৰকাৰ অথবা প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই নাম-কীৰ্তনেৰে অদৃশ্যজনক প্ৰাৰ্থনা জনায় দুৰ্ভগীয়া ৰাইজে ৷ 

লগতে পঢ়ক:Youth body recovered: এমাহৰ অন্তত অৰ্ধগলিত অৱস্থাত নলাত উদ্ধাৰ আমিনুৰৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.