Fire Breakout: মৰাণৰ বিধ্বংসী অগ্নিকাণ্ডত আঠটাকৈ বাসগৃহ ভস্মীভূত

By

Published : Mar 29, 2023, 5:36 PM IST

thumbnail

মৰাণ, 29 মাৰ্চ: ডিব্ৰুগড় জিলাৰ মৰাণত বুধবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire Breakout incident)৷ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire Breakout at Moran)৷ এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় আঠটাকৈ বাসগৃহ জাহ যায় (8 houses burnt in Fire Breakout)। মুক্তি তিৱাৰী নামৰ এজন লোকৰ বাসগৃহ আৰু ভাৰাঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ 

পিচে কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ ইফালে ভাৰাঘৰকেইটাত থকা এটা পৰিয়ালৰ এগৰাকী ছাত্ৰৰ কাইলৈ মেট্ৰিক পৰীক্ষা আছিল ৷ এই ঘটনাৰ পিচতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিতি হৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে ৷ এই অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হোৱাৰ সন্দেহ কৰা হৈছে ৷ ইফালে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাত পলম কৰাত ক্ষোভ উজাৰে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক: Ripu Chirang Reserve Forest: ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীৰ ধ্বংসযজ্ঞ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.