Fire at Mariani : মৰিয়নীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত হ’ল ধাবা

By

Published : May 9, 2023, 10:31 AM IST

thumbnail

যোৰহাট, ৯ মে' : সোমবাৰে নিশা মৰিয়নীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire at Mariani Naginijan)। মৰিয়নীৰ নাগিনীজান পুঠিনদীৰ ৰিলেক্স ধাবাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাৰ ঘটনাটো । অগ্নিকাণ্ডৰ ফলত জাহ যায় আব্দুল ৰকিব নামৰ লোকজনৰ মালিকানাধীন ধাবাখন । বিৱৰণি অনুসৰি, সোমবাৰে নিশা মৰিয়নীৰ এই ধাবাখনত একাংশ লোকে নৈশ আহাৰ গ্ৰহণ কৰি আছিল । সেই সময়তে হঠাৎ ধাবাখনত জুইৰ সূত্ৰপাত হয় । মুহুৰ্ততে এই জুইৰ লেনিহান শিখাৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰাত ধাবাখনত থকা লোকসকলে প্ৰাণৰ মমতাত নিৰাপদ স্থানলৈ গতি কৰে ।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । আনকি এই ধাবাখনত থকা ৰন্ধন গেছৰ দুটা চিলিণ্ডাৰৰ বিস্ফোৰণ হয় । ইয়াৰ পিচতেই মৰিয়নীস্থ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে জুই নিৰ্বাপানৰ চেষ্টা কৰে । উক্ত অগ্নিকাণ্ডৰ ফলত ধাবাখনৰ লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় ।

লগতে পঢ়ক : Lok Sabha Election 2024 : বিজেপিক ৰুধিবলৈ বিকল্প বিচাৰিছে কংগ্ৰেছে; লুৰীণ বা অখিলক দিব নেকি প্ৰাৰ্থিত্ব ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.