Miya Controversy:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ

By

Published : Jul 17, 2023, 9:29 PM IST

thumbnail

মঙলদৈ, 17 জুলাই : মুখ্যমন্ত্ৰীৰ কথাই আঘাত সানিছে সকলোকে ৷ সকলো এফালৰ পৰা লাগি গৈছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত ৷ মিঞাক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কোৱা কথা সহজে মানি ল’ব পৰা নাই মিঞা সমাজকে ধৰি কোনো বিৰোধী পাৰ্টীয়ে ৷ সকলোৱেই পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদে ৷ মুখ্যমন্ত্ৰীয়ে এবছৰৰ ভিতৰত গুৱাহাটীৰ পৰা মিঞা চাফা কৰি দিম বুলি কোৱাৰ পিচতে জাঙুৰ খাই উঠিছে অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদ । এনে ঘৃণা বিয়পোৱা মন্তব্যৰ বিৰুদ্ধে সংখ্যালঘূ সংগ্ৰাম পৰিষদে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে । 

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিচত যদি সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হয় তেনেহ’লে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে জগৰীয়া হ’ব বুলিও সকীয়াই দিয়ে সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ সদস্যই । সাংবিধানিক পদত থাকি সংবিধান বিৰোধী মন্তব্য কৰাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীক লৈ ।

লগতে পঢ়ক : FIR against Assam CM: মিঞা বিতৰ্ক; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ সাংসদ অজিত ভূঞাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.