ভয়ংকৰ পথ দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা এজনৰ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 1:27 PM IST

thumbnail

ৰহা, 19 নৱেম্বৰ : ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা । কথমপি প্ৰাণ ৰক্ষা এজনৰ । তথ্য অনুসৰি, ৰহাৰ জোঙাল বলহু গড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰৰ নিশা নগাঁও দিশত ৰখাই থোৱা AS-06 BC-7389 নম্বৰৰ ট্ৰাকত খুন্দা গুৱাহাটীৰ পৰা নগাঁও অভিমুখী গৈ থকা WB-41-J-2192 নম্বৰৰ আন এখন ট্ৰাকৰ । দুৰ্ঘটনাটোৰ ফলত প্ৰায় এঘন্টা ধৰি গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে WB-41-J-2192 নম্বৰৰ ট্ৰাকখনৰ চালকজন । 

কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ । পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত‌ হৈ ট্ৰাক চালকজনক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বাতৰি সংগ্ৰহৰ সময়লৈকে চালকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই । ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ট্ৰাকখন । ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

লগতে পঢ়ক : মৰাণত পথ দুৰ্ঘটনা, ব্যৱসায়ী প্ৰতিষ্ঠানত সোমাল তীব্ৰবেগী বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.