ওদালগুৰিৰ হাতীগড় চাহ বাগিচাত ভয়ংকৰ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 8:39 PM IST

thumbnail

ওদালগুৰি,১৭ নৱেম্বৰ: শুকুৰবাৰে ওদালগুৰিৰ হাতীগড় চাহ বাগিচাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে এজন লোকে । কুলশী নদীৰ পৰা শিল কঢ়িয়াই ৰৌতা অভিমুখে গৈ থকা আব্দুল খালেক নামৰ ব্যক্তিজনৰ মালিকীস্বত্বত থকা AS-27-C6977 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই লৈ যায় ওদালগুৰিৰ ঝপৰাবাৰীৰ ডেভিদ বাগলাৰী নামৰ ৪৮ বছৰ বয়সীয়া লোকজনক ।  

ডাম্পাৰৰ খুন্দাত লোকজনৰ কঁকালৰ পৰা ওপৰৰ অংশ সম্পূৰ্ণৰূপে ছিন্ন-ভিন্ন হৈ পৰে । ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি নিহত লোকজন খোজকাঢ়ি গৈ থকা অৱস্থাত পিছফালৰ পৰা আহি ডাম্পাৰখনে খুন্দিওৱাৰ ফলতে শিহৰণকাৰী ঘটনাটো সংঘটিত হয় । আনহাতে দুৰ্ঘটনা সংঘটিত কৰি মহম্মদ আলী নামৰ চালকজন পলোৱাৰ প্ৰয়াস কৰে যদিও স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে বুলি জানিবলৈ দিয়ে । লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰা দাবী জনাই স্থানীয় লোকসকলে । আনহাতে পথটোত চলি থকা তীব্ৰবেগী ডাম্পাৰ সমূহৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও প্ৰশাসনক দাবী জনাই ।  

লগতে পঢ়ক: চামগুৰিত দ খাৱৈত সোমাল নৈশ বাছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.