Moirabari Arrested: মৈৰাবাৰীত আৰক্ষীৰ জালত ভুৱা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 10:40 AM IST

Updated : Sep 5, 2023, 11:20 AM IST

thumbnail

মৈৰাবাৰী,5 ছেপ্টেম্বৰ: মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীৰ জালত ভুৱা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্ত ৷ মৰিগাঁৱৰ লোচনাৱৰীত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে ভুৱা আৰক্ষী বিষয়া আৰু ভুৱা জিলা আয়ুক্তক  ৷  সোমবাৰে সন্ধিয়া মৰিগাঁও জিলাৰ লোচনাবৰী গাঁৱৰ পৰা মৰিগাঁও জিলা চোৰাংচোৱাই অভিযান চলাই ভুৱা আৰক্ষীসহ ভুৱা জিলা আয়ুক্তক আটক কৰে ৷  

আটক হোৱা ভুৱা ডিচি, এছ পি হৈছে ক্ৰমে মৈৰাবাৰীৰ দূৰবান্ধি গাঁৱৰ উমৰ ফাৰুক আৰু ৰচীদুল ইছলাম । ধৃত ৰচীদুল ইছলামৰ লোচনাবৰী গাঁৱত থকা "ৰচীদুল ইলেক্ট্ৰনিকচ ষ্ট’ৰ" দোকানত চলিছিল অভিযান । উক্ত অভিযানত এটা লেপটপ, এটা স্কেনাৰ, এটা প্ৰিণ্টাৰ, এচ পি আৰু ডিচিৰ ভুৱা ছিল মোহৰ দুটা, মোবাইল দুটা আৰু বৃহৎ পৰিমাণৰ অবৈধ নথি-পত্ৰ জব্দ কৰে । আটক হোৱা যুৱক দুজনে ভুৱা ছিল মোহৰ আৰু ষ্টাম্প বনাই আৰক্ষীৰ প্ৰমাণ পত্ৰ বুজন পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰিছিল । 

লগতে পঢ়ক: Morigaon murder case: বৃদ্ধ দম্পতীক দাৰে আক্ৰমণ; এজনৰ মৃত্যু, এজন আহত

Last Updated : Sep 5, 2023, 11:20 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.