ETV Bharat / state

Morigaon murder case: বৃদ্ধ দম্পতীক দাৰে আক্ৰমণ; এজনৰ মৃত্যু, এজন আহত

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 10:51 PM IST

One person was killed and one seriously injured in Morigaon
ম’হঘুলিত নৃশংস হত্যাকাণ্ড

মৰিগাঁও জিলাৰ ম’হঘূলিত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ দাৰ ঘাপত এজনৰ মৃত্যু হোৱাৰ লগতে এগৰাকী গুৰুতৰভাৱে আহত হয় ৷

মৰিগাঁও, 3 ছেপ্টেম্বৰ: পুনৰ মাৱনৰূপী দানৱৰ বৰ্বৰতা ৷ ৰাজ্যত ইটোৰ পিচত সিটোকৈ নৃশংস হত্যাকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ সময়তে এইবাৰ মৰিগাঁও জিলাৰ ম’হঘূলিত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ দাৰ ঘাপত এজনৰ মৃত্যু হোৱাৰ লগতে এগৰাকী গুৰুতৰভাৱে আহত হয় ৷

ঘটনাৰ বিৱৰণী মতে দেওবাৰে মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত দাপনীবৰী মহঘূলি গাঁৱৰ বুঢ়া ইংলেঙৰ পুত্ৰ বিদ্যাসিং ইংলেং নামৰ লোকজনে পৰিয়ালৰ লক্ষী ক্ৰ’ৰ ঘৰৰ পিচ দুৱাৰেদি প্ৰৱেশ কৰি লক্ষী ক্ৰ’ আৰু পত্নী কাৰেং ইংতিপীক অতৰ্কিতে আক্ৰমণ কৰে ৷ বিদ্যাসিঙে লক্ষী ক্ৰ’ক ডিঙিত ঘপিয়াই হত্যা কৰাৰ বিপৰীতে লক্ষী ক্ৰ’ৰ পত্নী কাৰেং ইংতিপীক হাতত ঘপিয়াই ৷

দাৰ আক্ৰমণত লক্ষী ক্ৰ’ নিহত হয় বুলি জানিব পৰা গৈছে ইফালে কাৰেং ইংতিপী নামৰ মহিলাগৰাকীৰ হাতখন ছিঙি যোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷

ইফালে ঘটনা সংঘটিত হোৱাৰ পিচতে ঘটনাস্থলীত ধৰমতুল আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী বিদ্যাসিং ইংলেঙক গ্ৰেপ্তাৰ কৰিছে ৷

পিচে কি কাৰণে বিদ্যাসিং ইংলেঙে এই লোৰ্মহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে বাতৰি যুগুত কৰাৰ সময়লৈ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত ধৰমতুল আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দা খন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ দাপনীবৰী ম'হঘূলিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জানিব পৰা মতে পাৰিবাৰিক কন্দলৰ বাবে এনেদৰে দুই বৃদ্ধ দম্পতীক হত্যাৰ লক্ষ্য কৰি লয় বিদ্যাসিং ইংলেঙে।

লগতে পঢ়ক: Nalbari Murder Case Update: হাতেৰে ভুকুৱাই ভুকুৱাই মাতৃক হত্যা কৰাৰ কথা অকপট স্বীকাৰ মাতৃহন্তা ৰাকেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.