Raid against Fake currency: বৃহৎ পৰিমাণৰ জাল নোটসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:42 PM IST

thumbnail

বঙাইগাঁও, 30 অক্টোবৰ: দেওবাৰৰ নিশা নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত জাল নোটসহ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰেল আৰক্ষীয়ে চলাইছিল অভিযান । নিশা প্ৰায় 2 মান বজাত আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত চলায় এই অভিযান ৷

এই অভিযান কালত ৰে’লৰ পৰা জাল নোটসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় নিউ বঙাইগাঁও ৰেল আৰক্ষী । সৰবৰাহকাৰীজনৰ নাম সাদেক ৰাজা বুলি জানিব পৰা গৈছে ৷ সৰবৰাহকাৰীজনৰ পৰা মুঠ 3 লাখ 17 হেজাৰ টকাৰ জাল নোট অভিযানকালত আৰক্ষীয়ে জব্দ কৰে । 

গুৱাহাটীৰ পৰা টকাখিনি লৈ অনা বুলি স্বীকাৰ কৰাৰ লগতে ষড়যন্ত্ৰৰ বলি হোৱা বুলিও কয় অভিযুক্ত সাদেক ৰাজাই ।

লগত পঢ়ক:Hit and Run case : সুৰামত্ত চালকৰ খুন্দাত মহিলাৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.