Silsako Eviction : শিলসাঁকোত দ্বিতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 1:21 PM IST

thumbnail

গুৱাহাটী, 2 ছেপ্টেম্বৰ: দ্বিতীয় দিনাও শিলসাঁকোত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান । শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে এই উচ্ছেদ অভিযান ৷ প্ৰথমদিনা উত্তেজনা-প্ৰতিবাদ নেওচি আৰক্ষী-প্ৰশাসনে আৰম্ভ কৰিছিল এই উচ্ছেদ অভিযান ৷ 

শনিবাৰৰ পুৱাৰে পৰা শিলসাঁকোৰ উষা নগৰত প্ৰশাসনে বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মোতায়েন কৰি উচ্ছেদ অভিযান চলায় । উচ্ছেদিত লোকক কোনো আগজাননী নিদিয়াকৈ উচ্ছেদ চলোৱা হৈছে ভুক্তভোগী লোকে জানিবলৈ দিয়ে ৷ এই অবৈধ উচ্ছেদৰ বিৰুদ্ধে প্ৰশাসনে ক্ষোভ উজাৰে যদিও প্ৰশাসনৰ ক্ষোভৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি অব্যাহত ৰখা হয় এই অভিযান । 

দ্বিতীয় দিনাৰ উচ্ছেদ অভিযানত কেইবাটাও বিল্ডিং, কেইবাটাও অসম আৰ্হিৰ ঘৰত উচ্ছেদ চলোৱা হৈছে । উল্লেখ কৰা প্ৰয়োজন যে, শিলসাঁকোৰ জনতাৰ সবল প্ৰতিবাদকো নেওচি প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযানক সকলোৱে একেমুখে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: ADITYA L1 launch : ইছৰোৰ সূৰ্য অভিযানৰে জড়িত অসমৰ ঐশ্বন্যা শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.