Erosion in Barpeta: বেঁকী নৈৰ খহনীয়াত বিলীন হোৱাৰ পথত কাছুকাটি চৰ

By

Published : Jun 18, 2023, 1:34 PM IST

thumbnail

জনীয়া, ১৮ জুন: বেঁকী নৈৰ খহনীয়াৰ কৱলত পৰি নিচ্ছিহ্ন হোৱাৰ পথত কাছুকাটি চৰ । নিজৰ ঘৰবাৰী ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভুক্তভোগী পৰিয়ালে । বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাছুকাটি চৰত কণ কণ ল'ৰা -ছোৱালীৰ পৰা বৃদ্ধলৈ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত । উল্লেখযোগ্য যে,যোৱা বেলি বাৰিষাত কাছুকাটি চৰৰ পৰা দুই শতাধিক পৰিয়ালৰ ঘৰ বাৰী বেঁকী নৈৰ বুকুত বিলীন হৈছে । এইবেলি বছৰৰ প্ৰথমটো বানৰ পূৰ্বেই দুটাকৈ পৰিয়ালৰ ঘৰ-বাৰী বেঁকী নৈৰ বুকুত জাহ যায় ।

বেঁকী নৈৰ খহনীয়াৰ বাবে আজি এই কাছুকাটি গাঁওখনৰ মকবুল হুছেইন আৰু গফুল আলীয়ে ঘৰবাৰী ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । বেঁকী নৈৰ খহনিয়াৰ কৱলত পৰি নিজৰ ঘৰবাৰী, মাটি-ভেটি, খেতি পথাৰ হেৰুৱাই যাত্ৰা কৰিছে নিৰাপদ স্থানলৈ ।  

ইপিনে,এই দুৰ্ভগীয়া লোক সকলৰ আশ্ৰয় গ্ৰহণ কৰিবলৈ নাই কোনো ঠাই । ফলত নদীৰ পাৰতে আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে এই ভুক্তভোগী লোকসকলে । তদুপৰি  বেঁকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত কেইবাটাও পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক আৰু স্থানীয় সাংসদে খবৰ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে । ভুক্তভোগী পৰিয়ালকেইটাই অতি শীঘ্ৰেই চৰকাৰক পুনৰ সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক:Nimati Afolamukh Ferry service: মাজুলী আৰু নিমাতীৰ মাজত বন্ধ গুটীয়া ফেৰী সেৱা; যাত্ৰী ভিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.