Man Elephant conflict in Assam: কামপুৰত বন্যহস্তীৰ আক্ৰমণত মহিলাসহ আহত দুই

By

Published : Jun 22, 2023, 2:34 PM IST

thumbnail

বঢ়মপুৰ, ২২ জুন: কামপুৰত বন্যহস্তীৰ আতংক ৷ বানৰ সমান্তৰালকৈ বন্যহস্তীয়ে পুৱাই ত্ৰাসৰ সৃষ্টি কৰিছে কামপুৰ নগৰৰ মাজমজিয়াত ৷ বহুলোকৰ বাসগৃহৰ লগতে দুখন গাড়ী ভাঙি ক্ষতিসাধন কৰে ৷ বন্যহস্তীৰ আক্ৰমণত মহিলাসহ দুগৰাকীলোক গুৰুতৰভাৱে আহত হয় ৷ পিচত দুয়োগৰাকীকে সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷ আহত লোক দুগৰাকী হৈছে কালামুদ্দিন আৰু হেনাৰাণী ঘোষ ৷

বন্যহস্তীৰ আক্ৰমণত আনকি তিনিটা পশুধনো ইতিমধ্যে মৃত্যুমুখত পৰিছে। কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বিগত ১০ দিন ধৰি কামপুৰ আৰু কঠিয়াতলী বিভিন্ন অঞ্চলত খেতিপথাৰ নষ্ট কৰি একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে ৷ হাতীৰ জাকটো পুনৰ পাহাৰলৈ খেদি পঠাবলৈ বন বিভাগে অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হয় ৷ কামপুৰ বজাৰৰ ইটোৰ পৰা সিটো অঞ্চললৈ ঘূৰি ফুৰিছে বন্যহস্তীটো ৷ বৰ্তমান কামপুৰৰ তিনিখনকৈ বিদ্যালয় বন্ধ কৰি দিছে বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক: Wild elephant died : ১১ দিনৰ পাচত মৃত্যু হ’ল ঠেলামৰাৰ পিটনিত আৱদ্ধ হৈ থকা হাতীটোৰ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.