Sri Sri Harimandir of Nalbari: নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ নিৰ্বাচন

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 4:40 PM IST

thumbnail

নলবাৰী, ২৯ অক্টোবৰ: জিলা প্ৰশাসনৰ উদ্যোগত পুৱা ৮ বজাৰ পৰা চলিছে নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ ভোটগ্ৰহণ । হৰিমন্দিৰৰ পৰিচালনা সমিতিৰ সদস্য নিৰ্বাচনৰ বাবে চলিছে এই ভোটগ্ৰহণ । আনহাতে, ৩০ অক্টোবৰত উক্ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ।  উল্লেখযোগ্য যে হৰি মন্দিৰ সমিতিৰ মূল সমিতিৰ ২৭ গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ বাবে আজি ভোট গ্ৰহণ হৈছে যদিও ইতিমধ্যে ইয়াৰ সভাপতি আৰু সম্পাদকৰ লগতে দুগৰাকী কাৰ্যনিৰ্বাহক সদস্য বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে ।  

আজি ২৩ সদস্যৰ বাবে মুঠ ৮৩ গৰাকী প্ৰাৰ্থীৰ মাজত হৈছে ভোটযুদ্ধ । ইতিমধ্যে সাধাৰণ সভাৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাৰ লগতে সম্পাদক নলিনী শীলসহ দুগৰাকী কাৰ্যনিৰ্বাহক সদস্য ৷

লগতে পঢ়ক:Lok Sova Election 2024 : টিংখাঙত বিজেপিত খহনীয়া, AJP ত যোগদান শতাধিক লোকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.