A success story: সাংবাদিকতা এৰি উদ্যোগপতি হোৱাৰ সপোন দিপাংকৰৰ

By

Published : Aug 10, 2023, 6:37 PM IST

thumbnail

লখিমপুৰ,১০ আগষ্ট: লখিমপুৰ ৰ এগৰাকী উদ্যোগী যুৱক । নাম দিপাংকৰ শইকীয়া । সংবাদক্ষেত্র ত্যাগ কৰি দিপাংকৰ জড়িত হৈছে উদ্যোগ ক্ষেত্রত । কথাৰ ফুলজাৰিৰ বিপৰীতে তেওঁ হাতে কামে দেখুৱাইছে অসমীয়াগিৰী । সহজলভ্য ধন অথবা চৰকাৰী বা বেচৰকাৰী চাকৰিৰ মোহ এৰি থৈ হাতে কামে লাগি উদ্যোগ আমাৰ, বজাৰ আমাৰ লক্ষ্যৰে উদ্যোগক্ষেত্রত জপিয়াই পৰিছে তেওঁ । 

পত্নীৰ সৈতে মিলি নিত্য প্রয়োজনীয় সামগ্রী উৎপাদন বাবে দুয়ো বৈষ্ণবী এন্টাৰপ্রাইজ নাম দি ঘৰতে এটা উদ্যোগ গঢ়ি তুলি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে দিপাংকৰে । উৎপাদন সামগ্ৰীৰ ব্ৰেণ্ড নাম ৰাখিলে এন ২২। টয়লেট ক্লিনাৰ,ডিচ ৱাছ, ডিচ বাৰ আদি সামগ্রী উৎপাদন কৰা হয় দিপাংকৰৰ উদ্যোগটোত । বাহিৰৰ পৰা কেঁচা সামগ্ৰী আনি ঘৰতে সামগ্রী প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দিয়ে তেওঁলোকে । বৰ্তমান প্ৰচুৰ সমাদৰ লাভ কৰিছে তেওঁলোকৰ উৎপাদিত সামগ্রীয়ে । 

লগতে পঢ়ক: Nitesh Kumar Murder; ‘‘মোৰ ল’ৰাই অকলে এই কাম কৰিব নোৱাৰে’’; অভিযুক্ত অভিষেকৰ মাতৃ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.