Road Accident : কলগাছিয়াৰ বালাৰপাথাৰত পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:49 PM IST

thumbnail

জনিয়া,14 অক্টোবৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা । জানিব পৰা মতে, বামুনটাৰীৰ পৰা কলগাছিয়া অভিমুখে গৈ থকা অৱস্থাত বালাৰপাথাৰ গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই হঠাৎ দ-খাৱৈত বাগৰি পৰিল এখন ই-ৰিক্সা । এই দুৰ্ঘটনাত এগৰাকী মহিলা যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় কলগাছিয়া আৰক্ষী ৷

ৰাইজৰ অভিযোগ অনুসৰি, কলগাছিয়া অঞ্চলত বৰ্তমান চলি থকা 90 শতাংশ ই-ৰিক্সা তথা চালকৰ নাই কোনো অনুজ্ঞাপত্ৰ । ই-ৰিক্সা চলোৱাৰ ক্ষেত্ৰতো নাই কোনো নীতি-নিয়ম । ফলত সঘনাই সংঘটিত হৈ আহিছে ই-ৰিক্সা দুৰ্ঘটনা । যাৰ বাবে নম্বৰবিহীন ই-ৰিক্সা আৰু অনুজ্ঞাপত্ৰ বিহীন চালকৰ বিৰুদ্ধে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক:MP Pabitra Margherita slams Congress: মে'ৰ পিচত ভূপেন বৰাৰ বিদায় নিশ্চিত :পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.