APSC scam:APSC কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত DYFI ৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 8:14 AM IST

thumbnail

গুৱাহাটী, 11 নৱেম্বৰ : APSC কেলেংকাৰী সম্পর্কত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি আখৰে আখৰে কাৰ্যকৰী কৰাৰ দাবীত DYFI ৰ প্ৰতিবাদ । বৃহস্পতিবাৰে মহানগৰীৰ গুৱাহাটীৰ ক্লাৱ ৰটাৰী পইণ্টত দলটোয়ে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এ পি এছ চি কেলেংকাৰীৰ মূল খলনায়ক বুলি অভিহিত কৰে দলটোৱে । বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক ৰাজহুৱা কৰিবলৈ দাবী জনাই দলটোৱে ৷

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক ভেঙুচালী কৰাৰ অভিযোগ ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অৱ্ ইণ্ডিয়াৰ । এই সন্দৰ্ভত মন্তব্য কৰি প্ৰতিবাদকাৰীয়ে কয়,'হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেলেংকাৰী কৰা মানুহক ৰক্ষণাবেক্ষণ দিছে । APSC কেলেংকাৰীৰ মূল নায়ক হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা ৩৪ গৰাকীক কিয় ৰক্ষণাবেক্ষণ দিব বিচাৰিছে শৰ্মা চৰকাৰে । যদি তদন্তৰ বাবে SIT গঠন কৰেই, তেন্তে বিপ্লৱ কুমাৰ শৰ্মা আয়োগক প্ৰতিবেদন প্ৰস্তুত কৰণৰ দায়িত্ব কিয় দিছিল । নিজক বচাবৰ বাবে আজি হিমন্তই এনেকুৱা কৰিছে’ ।

ইয়াৰ সমান্তৰালকৈ প্ৰতিবাদকাৰীসকলে কয়,‘ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰি বৃদ্ধ লোকে পায় এইখন চৰকাৰৰ দিনত’ । সেয়ে প্ৰতিবাদস্থলীৰ পৰা শীঘ্ৰেই APSC কেলেংকাৰীৰ সম্পর্কত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি আখৰে আখৰে কাৰ্যকৰী কৰিবলৈ দাবী জনায় সংগঠনটোৱে । যদিহে এইসকলৰ বিৰুদ্ধে ব্যৱস্থা নকৰে তেন্তে দলেবলে গৈ দিছপুৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ডেমক্ৰেটিক য়ুথ ফেডাৰেচন অৱ্ ইণ্ডিয়াই ।

লগতে পঢ়ক : APSC Cash for Job Scam: অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পুনৰ তদন্ত সমিতি গঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.