ETV Bharat / state

APSC Cash for Job Scam: অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পুনৰ তদন্ত সমিতি গঠন

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 8:08 PM IST

Updated : Sep 29, 2023, 8:43 PM IST

APSC কেলেংকাৰীৰ তদন্তৰ বাবে ন্যায়ালয়ৰ হেঁচাত পুনৰ তদন্ত সমিতি গঠন কৰিছে অসম চৰকাৰে ৷ অৱশ্যে এই SITৰ পৰা নাম বাদ পৰিছে গোচৰটো তদন্ত কৰি থকা আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰৰ ৷

APSC Cash for Job Scam
APSC Cash for Job Scam

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: ৰাজ্য জোকাৰি যোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ অধ্যায়ৰ আজিও অন্ত পৰা নাই । এই সন্দৰ্ভত শুকুৰবাৰে পুনৰ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানী হয় ।

এই শুনানীতে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে । অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হেঁচাত অসম চৰকাৰে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে পুনৰ এখন তদন্ত কমিটি গঠন কৰিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে এগৰাকী জ্যেষ্ঠ আই পি এছ বিষয়াৰ নেতৃত্বত এটা Special investigation team (SIT) গঠন কৰিছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহেতাৰ বিচাৰপীঠক শুকুৰবাৰে অধিবক্তা নলীন কোহলীয়ে এই কথা সদৰী কৰে । উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীত অভিযুক্ত ৪৮ গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ।

পিছত ৰাজ্য চৰকাৰে ৪৮ গৰাকী ৰাজপত্ৰিত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল । পৰৱৰ্তী সময়ত এই ৪৮ গৰাকী ৰাজপত্ৰিত বিষয়াই তেওঁলোকৰ বৰ্খাস্তকৰণৰ বিৰুদ্ধে আদালতত এখন আবেদন দাখিল কৰিছিল । পিছত আদালতৰ এজনীয়া বিচাৰপীঠে এই আবেদন খাৰিজ কৰিছিল ।

পৰৱৰ্তী পৰ্যায়ত আকৌ ৰাজপত্ৰিত বিষয়াসকলে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । এই সন্দৰ্ভত যোৱা ১৪ দিন ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহেতাৰ বিচাৰপীঠে ইয়াৰ শুনানী গ্ৰহণ কৰে ।‌

এই শুনানীত নতুন তথ্য পোহৰলৈ আহে । আজি এই আবেদনৰ‌ পুনৰ শুনানী অনুষ্ঠিত হয় । এই শুনানীত অসম চৰকাৰৰ হৈ অধিবক্তা নলীন কোহলীয়ে আদালতক Special investigation team (SIT) গঠন কৰাৰ কথা সদৰী কৰে ।

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ৰাকেশ পালৰ‌ বাসগৃহত এখন ৯ পৃষ্ঠাৰ টেবুলেশ্যন শ্বীট উদ্ধাৰ হৈছিল । এই টেবুলেশ্যন শ্বীটত ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ নামসহ সকলো তথ্য উদ্ধাৰ হৈছিল ।

কিন্তু সেই ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াক আজি পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰা নহ’ল সেই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহেতাৰ বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে । ন্যায়াধীশ সন্দীপ মেহেতাৰ বিচাৰপীঠে অসম চৰকাৰে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে গঠন কৰা তদন্ত কমিটিক এই সন্দৰ্ভত তদন্ত কৰি ছমাহৰ ভিতৰত আদালত প্ৰতিবেদন দাখিল কৰাৰ নিদেৰ্শ দিয়ে ।

উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব থকা আৰক্ষী বিষয়া সুৰজিৎ সিঙ পানেচাৰৰ নাম নতুনকৈ গঠন কৰা Special Investigation Teamত (SIT) নাই ।

এতিয়া প্ৰশ্ন উঠিছে যে এই নতুন কমিটীত আৰক্ষী বিষয়া সুৰজিৎ সিং পানেছাৰ তদন্তৰ কামৰ পৰা বাদ‌ পৰিব নেকি । এইগৰাকী আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰে ডাঃ অংশুমিতা গগৈৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ পালক ।

লগতে পঢ়ক: APSC Cash for Job Scam: APSCৰ নিযুক্তি কেলেংকাৰীৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু তদন্ত আয়োগ

Last Updated : Sep 29, 2023, 8:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.