ETV Bharat / state

APSC Cash for Job Scam: APSCৰ নিযুক্তি কেলেংকাৰীৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু তদন্ত আয়োগ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 8:17 PM IST

ৰাকেশ পালৰ দিনত হোৱা বিয়াগোম কেলেংকাৰীৰ তদন্ত প্রায় সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তুত হৈছে আয়োগ । এ পি এছ চিৰ ২০১৪ চনৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত বিগত বৰ্ষৰ ২০ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠন কৰা হৈছিল এজনীয়া তদন্ত আয়োগ । দীঘলীয়া তালিকাৰে প্রতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই ৰাকেশ পাল বাহিনীৰ কেলেংকাৰিৰ তথ্য সন্নিৱিষ্ট ।

APSC Scam
APSC Scam

গুৱাহাটী,২০ ছেপ্টেম্বৰ: অসম লোকসেৱা আয়োগৰ ২০১৪ চনৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিলৰ বাবে সাজু হৈছে তদন্ত আয়োগ । উল্লেখ্য যে অসম চৰকাৰে লোকসেৱা আয়োগৰ ২০১৪ বৰ্ষত দিয়া নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বত এজনীয়া আয়োগ গঠন কৰি তদন্তৰ দায়িত্ব দিছিল ।

ৰাকেশ পালৰ দিনত হোৱা বিয়াগোম কেলেংকাৰীৰ তদন্ত প্রায় সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তুত হৈছে আয়োগ । জানিব পৰা মতে আয়োগৰ তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ২০১৪ চনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ৰাকেশ পাল বাহিনীয়ে লাখ লাখ টকাৰ বিনিময়ত ব্যাপক অনিয়মৰ আশ্ৰয় লৈছিল ।

আনকি আনৰ পৰীক্ষা আনে দিয়াৰ দৰে ঘটনাও সংঘটিত হৈছিল । জানিব পৰা মতে ৩১ আগষ্টত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ সময়সীমা অন্ত পৰিছে যদিও প্রতিবেদনৰ অন্তিম পৰ্যায়ৰ কাম সম্পূৰ্ণ কৰিবলৈ আয়োগে অতিৰিক্ত সময় বিচাৰিছে ।

APSCৰ ২০১৩ বৰ্ষৰ কেলেংকাৰীৰ প্রতিবেদনৰ দৰেই এইবাৰো আয়োগে ২০১৪ বৰ্ষত বাছনি লাভ কৰা প্ৰায় ৩২ জন ৰাজপত্ৰিত বিষয়াৰ দুৰ্নীতিৰ দস্তাবেজ প্ৰস্তুত কৰিছে । তদন্ত আয়োগে চাৰি শতাধিক পৃষ্ঠাৰ প্রতিবেদন দাখিলৰ বাবে সাজু হৈছে বুলি জানিব পৰা গৈছে ।

প্রতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই ৰাকেশ পাল বাহিনীৰ কেলেংকাৰিৰ তথ্য সন্নিৱিষ্ট হৈছে । বক্ৰ পথেৰে ৰাজপত্ৰিত চাকৰি লোৱাই নহয়, ৰাকেশ পাল বাহিনীয়ে পদবী প্ৰদানৰ ক্ষেত্ৰতো ব্যাপক অনিয়মৰ আশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে ।

আয়োগে ১২ জন বিষয়াৰ জালিয়াতিৰ তথ্য-প্রমাণ লাভ কৰাৰ বিপৰীতে পৰোক্ষভাৱে আন প্রায় ২০ জন সন্দেহজনক বিষয়াকো অভিযুক্তৰ তালিকাত স্থান দিয়া বুলি বিশেষ সূত্রে জানিব পৰা গৈছে । উল্লেখ্য যে ইতিপূর্বে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে ২০১৪ বৰ্ষৰ এ পি এছ চি পৰীক্ষাত বাছনি লাভ কৰা ২১ জন বিষয়াক গ্ৰেপ্তাৰ কৰিছিল ।

লক্ষণীয় বিষয় যে তদন্ত আয়োগে জালিয়াতিৰে ২০১৪ বৰ্ষৰ পৰীক্ষাত বাছনি লাভ কৰা ৰাকেশ পাল বাহিনীৰ নতুন ১২ জনীয়া অভিযুক্তৰ তালিতাৰ অন্যতম সেনানী হিচাপে চিহ্নিত কৰিছে ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ভাৰ্গৱ মুণি দাসক ।

আয়োগে ইতিপূর্বে দাসলৈ চমন জাৰি কৰিছিল । আনহাতে গ্ৰেপ্তাৰ হোৱা এ পি এছ চিৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আয়োগে আন কেইবাজন অভিযুক্তক তালিকাত স্থান দিয়া বুলি জানিব পৰা গৈছে । ইতিমধ্যে আয়োগে আটাইকেইজন ৰাজপত্ৰিত বিষয়ালৈকো কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল । ইয়াৰ উপৰি আয়োগৰ অভিযুক্তৰ তালিতাত আছে আন প্রায় ২০ জন সন্দেহজনক বিষয়াৰ নাম ।

এইসকল বিষয়াই এ পি এছ চি পৰীক্ষাৰ উত্তৰবহী ঘৰত লিখি পাছত জমা দিয়াৰ সন্দেহ প্রকাশ কৰা হৈছে। অভিযোগ অনুসৰি বিষয়াকেইজনৰ উত্তৰবহীৰ প্রথম পৃষ্ঠাটোৰ বাহিৰে ভিতৰৰ পৃষ্ঠাকেইটা পৰীক্ষাৰ পাছত সংযোগ কৰাৰ সন্দেহ কৰিছে আয়োগে ।

উল্লেখ্য যে ৰাকেশ পালে একাংশ প্ৰাৰ্থীক নিজৰ বাসগৃহৰ লগতে কার্যালয়, ধৰ্মীয় এটা অনুষ্ঠান আৰু ভাতৃ ৰাজীৱ পালৰ ছপাশালত প্রশ্নোত্তৰ লিখাৰ ব্যৱস্থা কৰি দিয়াৰ অভিযোগ আছে ।

সেই সূত্রেই এইসকল প্ৰাৰ্থীয়েও আগতীয়াকৈ প্ৰশ্নকাকত লাভ কৰিছিল নাইবা ঘৰত বহি উকা কাগজত উত্তৰ লিখি পাছত মূল উত্তৰ বহীত পৃষ্ঠাসমূহ সংলগ্ন কৰাৰ সন্দেহ কৰা হৈছে । আৰক্ষীৰ তদন্ততহে এইসকল সন্দেহজনক প্ৰাৰ্থীৰ জালিয়াতি প্ৰমাণ হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে আয়োগে ।

উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ অধীনত ২০১৪ চনত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ ভিত্তিত বিষয়টো সন্দৰ্ভত তদন্ত কৰিবলৈ বিগত বৰ্ষৰ ২০ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল ।

পৰৱৰ্তী সময়ত ২০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই আয়োগৰ কাৰ্যকাল পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হৈছিল । আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পাছত কেলেংকাৰীৰ আৰু বহু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লক্ষণীয় বিষয় যে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালে ইতিমধ্যে চৰ্ত সাপেক্ষে জামিনত মুক্তি লাভ কৰিছে ।

লগতে পঢ়ক: Supreme Court: 17 অক্টোবৰৰ পৰা আৰম্ভ হ’ব নাগৰিকত্ব আইনৰ ধাৰা 6Aক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.