Durga Puja 2023: গুৱাহাটীৰ পূজা মণ্ডপত ৬০ ফুট ওখ ৰামৰ মূৰ্তি

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:13 PM IST

thumbnail

গুৱাহাটী, ২০ অক্টোবৰ: আজি মহাষষ্ঠী । ৰাজ্যৰ লগতে মহানগৰীতো শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে দেখা গৈছে ব্যাপক উচাহ । পূজা মণ্ডপৰ মাজত চলিছে যেন অঘোষিত প্ৰতিযোগিতা । বিশেষ হৈ পৰিছে মালিগাঁৱৰ প্ৰতিখন পূজা মণ্ডপ । গুৱাহাটীৰ মালিগাঁৱৰ এখন দুৰ্গা পূজাত তৈয়াৰ কৰা হৈছে ৬০ ফুট ওখ ৰামৰ মূৰ্তি ।  

পাণ্ডু নিউ কলনি জয় হিন্দ ক্লাৱ দুৰ্গা পূজা কমিটীয়ে তেওঁলোকৰ দুৰ্গা পূজা মণ্ডপটো ৰামক মূল‌ বিষয় হিচাপে লৈ নিৰ্মাণ কৰা হৈছে । এই‌ সন্দৰ্ভত পাণ্ডু নিউ কলনি জয় হিন্দ ক্লাৱ দুৰ্গা পূজা কমিটিৰ‌ বিষয়ববীয়া তমাল ৰক্ষিতে কয় যে ৬০ ফুট ওখৰ‌ ৰামৰ মূৰ্তিটো স্থানীয় শিল্পী উপেন পালে নিৰ্মাণ কৰিছে । দেৱীৰ‌ প্ৰতিমাটো ২০ ফুট ওখকৈ নিৰ্মাণ কৰা‌ হৈছে । তেওঁ কয় যে পূজাখনৰ বাজেট ১৬ লাখ টকা । মণ্ডপটোৰ ভিতৰত ৰামৰ জন্ম তথা জীৱন‌ আৰু সংগ্ৰামৰ গাঁথা শিল্পীৰ তুলিকাৰে বৰ্ণনা কৰিছে ।  

লগতে পঢ়ক: Durga Puja 2023: ভক্তক আদৰিবলৈ সাজু মহানগৰীৰ পূজা মণ্ডপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.