ETV Bharat / state

Durga Puja 2023: ভক্তক আদৰিবলৈ সাজু মহানগৰীৰ পূজা মণ্ডপ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 4:41 PM IST

আজি মহাষষ্ঠী । ৰাজ্যজুৰি আৰম্ভ শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাস । মহানগৰীত পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা । পাণ্ডুত ইখনতকৈ সিখন পূজা মণ্ডপ সজাই তোলা হৈছে ব্যতিক্ৰমীভাৱে ।

Durga Puja celebration in Guwahati
ভক্তক আদৰিবলৈ সাজু মহানগৰীৰ পূজা মণ্ডপ

ভক্তক আদৰিবলৈ সাজু মহানগৰীৰ পূজা মণ্ডপ

গুৱাহাটী,২০ অক্টোবৰ: আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ । আজি মহাষষ্ঠী । সন্ধিয়ালৈ বেল বোধনৰে বেদীত প্ৰতিষ্ঠা কৰা হ'ব দেৱী কাত্যায়নীক । লগে লগে আৰম্ভ হ'ব শাৰদীয় মহোৎসৱৰ আনন্দ । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি । আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে পূজা মণ্ডপসমূহ ।

দুৰ্গোৎসৱ বুলিলেই যেন মহানগৰীত প্ৰতিখন পূজা মণ্ডপৰ মাজত চলে এক অঘোষিত প্ৰতিযোগিতা । ইখনতকৈ চৰা সিখন পূজা মণ্ডপ । এইবাৰ চমক সৃষ্টিৰ লগতে আধ্যাত্মিকতাৰ এক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে আমেৰিকান কলনী দূৰ্গোৎসৱ সমিতিয়ে । বৈদিক আৰু সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰাৰ উদ্দেশ্যৰে কাশী বেনাৰসৰ পৰা আমন্ত্ৰণ কৰি অনা হৈছে পুৰোহিত ।

১২ জনীয়া পূজাৰীৰ দলটোৱে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা ইতিমধ্যে আৰম্ভ কৰিছে ।‌ এই সন্দৰ্ভত আমেৰিকান কলনীৰ দুৰ্গা পূজা কমিটীৰ সাধাৰণ‌ সম্পাদক দেৱব্ৰত দেই কয় যে দুৰ্গা পূজাৰ সম্পূৰ্ণ পূজা ভাগ সম্পূৰ্ণ বৈদিক নিয়মেৰে কৰা হৈছে । লগতে তেওঁ জনায় যে এই পূজাখন ৬৮ বছৰ‌ পুৰণি ।

আনহাতে মালিগাঁও ৰেষ্ট কেম্প কালীবাৰী দুর্গা পূজা কমিটীয়ে এইবাৰ দুৰ্গা পূজা উদযাপন কৰাৰ লগতে ৭৫ বছৰীয়া প্লেটিনাম জয়ন্তী উদযাপনৰ বাবে সাজু হৈছে । দুর্গা পূজাৰ প্ৰস্তুতিৰ বাবে কমিটীয়ে প্রায় ৪০ লাখ টকাৰ বাজেট গ্রহণ কৰিছে বুলি জানিবপৰা গৈছে । দুৰ্গা পূজাত এইবাৰ বাহিৰত কৈলাস পর্বত ভিতৰত কৃত্ৰিম একুৱাৰিয়াম নিৰ্মাণ কৰা হৈছে ।

বিখ্যাত মৃৎশিল্পী নীলু পালে তিনি লাখ টকাৰ বাজেটেৰে দেৱীৰ মৃণ্ময় মূৰ্তি সাজিছে । পূজা মণ্ডপৰ বাহিৰৰ ভাগ কৈলাস পর্বতৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে । মণ্ডপৰ ভিতৰত মাছৰ সৈতে মনোমোহা একুৱাৰিয়াম আৰ্হিৰ সজ্জা তৈয়াৰ কৰাৰ লগতে এই জলজ দৃশ্যৰ বাবে মাছ বিশেষভাৱে অনা হৈছে বুলি জানিবলৈ দিয়ে । মালিগাঁও ৰেষ্ট কেম্প কালীবাৰী দুর্গা পূজা কমিটীৰ উপ-সভাপতি গোপী ভট্টাচাৰ্যই কয় যে এই একুৱাৰিয়াম তথা সমগ্ৰ কাৰু-কাৰ্য কলকাতাৰ শিল্পীৰ দ্বাৰা কৰোৱা হৈছে ।

লগতে পঢ়ক: Durga Puja 2023 : ৯০ সংখ্যক বৰমা বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.