Durga Puja 2023: বৰমাত ৯০ সংখ্যক দুৰ্গা পূজাত দাহন কৰা হ'ব ৰাৱণৰ প্ৰতিমূৰ্তি

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:04 PM IST

thumbnail

বৰমা, ২৪ অক্টোবৰ: ৯০ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজাত অগণন ভক্তৰ সমাৱেশ ঘটে । বাক্সা জিলাৰ বৰমাত ৯০ সংখ্যক বাৰোৱাৰী দুৰ্গা পূজাত সোমবাৰে নৱমীৰ দিনা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে ৷ পূজাৰ উদ্যোক্তাই উল্লেখ কৰা অনুসৰি  লোকগীত প্ৰতিযোগিতা, আয়তীৰ নাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ নিশাৰ ভাগত আৰতি প্ৰতিযোগিতা আৰু নাগাৰা নাম প্ৰতিযোগিতা কৰা হয় ৷   

ইপিনে, মঙলবাৰে দশমীৰ দিনা সন্ধিয়া বৰমা উচ্চতৰ মাধ্যমিক খেলপথাৰত ৫০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহন কৰা হ'ব বুলি আয়োজক সমিতিয়ে সদৰী কৰিছে । জিলাখনৰ আন ঠাইতো ৰাৱণৰ প্ৰতিমূৰ্তি দাহন কৰা হ'ব । আয়োজক সমিতিয়ে সদৰী অনুসৰি  ৯০ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজাত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ।

লগতে পঢ়ক:Defence Minister Rajnath singh: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখত ভাৰতত চীন সেনাৰ বলপূৰ্বক প্ৰৱেশৰ দৃশ্য প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.