Durga Puja 2023: শক্তিপীঠ শ্ৰীশ্ৰী বুঢ়ী গোঁসানী দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:09 PM IST

thumbnail

যোৰহাট, 22 অক্টোবৰ : আজি মহা অষ্টমী ৷ আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ জাগ্ৰত শক্তিপীঠ শ্ৰীশ্ৰী বুঢ়া গোঁসানী দেৱালয়ত মা দেৱী দুৰ্গা আশীষ ল’বলৈ ভক্তৰ লানি নিচিগা সোঁত বৈছে ।

জানিব পৰা অনুসৰি, 1794 চনৰ পৰা 229 সংখ্যক বছৰ যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত জাকজমকতা বিহীনভাৱে পালন কৰি অহা হৈছে দুৰ্গা পুজা। এই জাগ্ৰত শক্তিপীঠখনলৈ জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰাও ভক্তৰ আগমন ঘটে। জনবিশ্বাস অনুসৰি, মা ওচৰত আশীষ ল’লে ভক্তৰ মনৰ ইচ্ছা পূৰণ হয় ।

ৰাজ্য ভিতৰতে এখন অন্যতম ঐতিহ্যমণ্ডিত শক্তিপীঠ হৈছে যোৰহাটৰ গড়আলিৰ সমীপৰ বুঢ়ী গোঁসানী দেৱালয় । 1794 চনত আহোমৰ শেষ ৰাজধানী যোৰহাটত স্থাপন কৰা সময়তে যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল এই দেৱালয় । আহোম ৰজা ৰুদ্ৰসিংহই জয়ন্তীয়া ৰজাক যুদ্ধত হৰুৱাই দেৱীক গড়গাঁওস্থিত ৰাজধানীত প্ৰতিষ্ঠা কৰিছিল । বিশ্বাস আছিল যে এই দেৱীক সন্মুখত লৈ যুদ্ধলৈ গ’লে যুদ্ধত জয়ী হয় । ভক্ত প্ৰাণ ৰাইজৰ মাজত এই দেৱালয়ৰ প্ৰতি আছে অগাধ বিশ্বাস। সেয়েহে বিদেশৰ পৰাও এই শক্তিপীঠলৈ দুৰ্গা পূজাৰ দিনকেইটাত আগমন ঘটে ভক্তসকলৰ। 

পূজাৰ কেইদিনত এই দেৱালয়ত ভিৰ দি বাট পাবলৈ নোহোৱা পৰিৱেশৰ সৃষ্টি হৈছে। আনহাতে পৰম্পৰা অনুসৰি পূজাৰ আটাইকেইদিনতে ইয়াত বলি–বিধান হয়। জনবিশ্বাস অনুসৰি, এই দেৱালয়ত দেৱীৰ সেৱা কৰিলে মনৰ আশা পূৰণ হয়। সেই বাবেই এই শক্তিপীঠলৈ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ সমাগম ঘটে ৷

লগতে পঢ়ক: Road accident: চাবুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, বাতিল ৰে’লসেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.