মহাসপ্তমীৰ মন্ত্ৰোচ্চাৰণত মুখৰিত ৰঙিয়াৰ দুৰ্গা পূজা থলী

By

Published : Oct 2, 2022, 2:47 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

শাৰদীয় দুৰ্গা পূজাকলৈ এতিয়া ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে (Durga Puja 2022 in Assam)। পূজা মণ্ডপসমূহত প্ৰতিষ্ঠা কৰা হ'ল দেৱী দুৰ্গাক (Durga Puja2022 in Rangia )। আজি মহাসপ্তমী । পুৱাৰে পৰাই যথাৰীতি অনুসৰি আৰম্ভ হৈছে সপ্তমীৰ পূজা । ধাকৰ শব্দ আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণত প্ৰাণ পাই উঠিল ৰঙিয়া । ৰঙিয়াতো বিভিন্ন পূজাস্থলীত চলি আছে মহাসপ্তমী পূজা । ৰঙিয়াৰ পূৱ ৰঙিয়া বাৰোৱাৰী দুৰ্গা পূজাথলীত (East Rangia Barwari Durga Puja) পুৱাৰে পৰাই দেৱীৰ আশীষ ল'বলৈ ভক্তই ভিৰ কৰিছে । চাকি-ধূপ জ্বলাই পূজা-অৰ্চনা কৰিছে ভক্তসকলে । আয়তীসকলে শংখ-ঘণ্টা বজাই দেৱী দুৰ্গাৰ স্তুতি-বন্দনা কৰা পৰিলক্ষিত হৈছে ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.