Dumper Seized: সোণাৰিত অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ

By

Published : Jan 10, 2023, 7:22 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত চিণ্ডিকেটকে ধৰি কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ সিদ্ধান্ত লোৱাৰ লগতে আৰক্ষী তথা প্ৰশাসনকো কৰি তুলিছে অধিক সষ্টম ৷ ইয়াৰ পাছতো চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই এইসমূহ অবৈধ কাৰ্যকলাপ ৷ শেহতীয়াকৈ চৰাইদেউ জিলাত শিল, বালি, কয়লা আদি প্ৰাকৃতিক সম্পদৰ অবৈধ সৰবৰাহৰ লগতে ব্যৱসায় চলি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি আহিছে জিলাখনৰ বিভিন্ন মহলে(Illegal stone trade) । জিলাখনত চলি থকা অবৈধ শিল, বালিৰ ব্যৱসায় বন্ধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষ সক্ষম হোৱা নাছিল যদিও সচেতন ৰাইজৰ অভিযোগৰ পাছতে এতিয়া পূৰ্বতকৈ অধিক তৎপৰ হৈছে চৰাইদেউ জিলাৰ বন বিভাগ । সোমবাৰে চালানবিহীনভাৱে শিল কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে বন বিভাগে । এই কঠোৰ স্থিতিৰ ফলস্বৰূপে নাফুকস্থিত সোণাৰি আঞ্চলিক বন বিভাগে চালানবিহীন দুখনকৈ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় (Dumpers carrying illegal stone seized at Sonari) ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.