Drugs seized : খটখটীত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ

By

Published : Dec 9, 2022, 10:05 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্ততো অসম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এনে অভিযানৰ মাজতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল কাৰ্বি আংলং আৰক্ষী । জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশাৰ ভাগত খটখটী এলেকাত বোকাজান আৰক্ষীৰ সহযোগত এক তালাচী চলোৱা হৈছিল । তালাচীৰ সময়তে NL-02-N-3752 আৰু MN-01-9912 নম্বৰৰ দুখন ট্ৰাকৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় (Huge amount of drugs recovered in Karbi Anglong)। আৰক্ষীয়ে জনোৱা মতে এই অভিযানত আৰক্ষীয়ে প্ৰায় ৩০ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৫৫ টা চাবোনৰ বাকচত প্ৰায় ৭৫৭ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ থৌবেল আৰু কাচেঙৰ ক্ৰমে ইছলাম উদ্দিন, মহম্মদ ছমিৰ আৰু মনৌবি নামৰ তিনি সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে (3 drugs peddler detained in Karbi Anglong)। জব্দ হোৱা নিচাজাতীয় দ্ৰব্য খিনিৰ মূল্য প্ৰায় ৭ কোটি হ'ব বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.