Nalbari Jail: কয়দীক ড্ৰাগছ যোগান ধৰিবলৈ গৈ আটক সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 9:04 PM IST

thumbnail

নলবাৰী, ২৫ ছেপ্টেম্বৰ : নলবাৰী জিলা কাৰাগাৰত ভয়ংকৰ ঘটনা । নলবাৰী জিলা কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ বেহা চলি থকা অভিযোগ সোমবাৰে সঁচা বুলি প্ৰমাণিত হৈ পৰে । জিলা কাৰাগাৰৰ ভিতৰত কয়দীক ড্ৰাগছ যোগান ধৰিবলৈ আহোঁতে ড্ৰাগছসহ আৰক্ষীয়ে হাতে লোটে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক । 

কাৰাগাৰত থকা কয়দীক ড্ৰাগছ দিবলৈ আহোঁতেই আৰক্ষীয়ে ঠাইতে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীটোক । ধৃত সৰবৰাহকাৰীটো হৈছে ফাইজুৰ আলী । ফাইজুৰ আলী(৩২)ৰ ঘৰ ৰঙিয়াৰ গোৰকুছিত বুলি জানিব পৰা গৈছে । কাৰাগাৰত বন্দী হৈ থকা ধন আলীক ড্ৰাগছ যোগান ধৰিছিল ফাইজুৰে । ফল-মূলৰ লগত একেলগে অনা হৈছিল ড্ৰাগছখিনি । আৰক্ষীৰ তালাচীত জব্দ কৰে পাঁচটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, লগতে নগদ ধন । সম্প্ৰতি আৰক্ষীয়ে আৰু অধিক তদন্তৰ খাতিৰত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই ৷ 

উল্লেখ্য যে, নলবাৰী জিলা কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ বেহা, জুৱা আদিৰ দৰে অনৈতিক কাৰ্য চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । 

লগতে পঢ়ক: Fake currency making Machine seized: নগাঁৱত জব্দ জালনোট প্ৰস্তুত কৰা মেচিন; ড্ৰাগছসৰবৰাহকাৰীও আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.