অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱাত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

By

Published : Apr 17, 2022, 5:04 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক কৰা হৈছে তিনি সৰবৰাহকাৰীক (Anti drugs mission in Lakhimpur)৷ আৰক্ষীৰ অভিযানত আটক হোৱা সৰবৰাহকাৰীকেইটা হৈছে হাৰমতীৰ ২ নং পাবতীপুৰৰ ডিনেল বৰী, কাঠনিৰ বৃন্দাবন ব্ৰহ্ম আৰু অৰুণাচলৰ টাম টাদে (Drugs peddler arrested in Lakhimpur)৷ বিহপুৰীয়া আৰক্ষী থানাৰ ভৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান ৷ ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ১.১০ গ্ৰাম সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰীৰ লগতে হেৰ’ইনভৰ্তি ৫ টা কন্টেইনাৰসহ বহু পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ কৰে ৷

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.