Drugs peddler detained: সৰুপথাৰৰ উৰিয়ামঘাটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 5:54 PM IST

thumbnail

সৰুপথাৰ, 1 ছেপ্টেম্বৰ : ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে ৷ ইয়াৰ পিচতো এতিয়া যেন গা ল’ৰা নাই সৰবৰাহকাৰীৰ ৷ উৰিয়ামঘাটত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক । ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম নীলমণি সিং(28) আৰু ইনাওতন মিতৈ(23) বুলি জানিব পৰা গৈছে। 

উৰিয়ামঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দুই গ্ৰাম ড্ৰাগছসহ দুই যুৱকক আটক কৰে ৷ দুয়ো অভিযুক্তৰ ঘৰ উৰিয়ামঘাটৰ ১নং লক্ষীনগৰ আৰু ২ নং লক্ষীনগৰত বুলি জনিব পৰা গৈছে । অভিযুক্ত দুটাৰ ভাষ্য অনুসৰি নাওজানৰ পৰা ড্ৰাগছখিনি সৰবৰাহ কৰি আনি থকাৰ পথত ফৰেষ্ট তিনি আলিৰ জোনাকী পথাৰত উৰিয়ামঘাট আৰক্ষীয়ে ৰাইজৰ সহযোগত কৌশলেৰে সৰবৰাহকাৰী দুটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ইতিমধ্যে উৰিয়ামঘাট আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Fake CBI officer Robbery: চিবিআইৰ ভুৱা পৰিচয়েৰে ফ্লেটত লুটপাত, এগৰাকী মহিলাৰ অশ্লীল ভিডিঅ’ ৰেকৰ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.