নগাঁৱত ড্ৰাগছ আসক্ত যুৱকে নিজৰ ঘৰতেই কৰিলে অগ্নিসংযোগ

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 12:46 PM IST

thumbnail

চামগুৰি, ১৩ জানুৱাৰী: নগাঁও জিলাৰ মৰঙীয়ালত এজন ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱে সকলোক হতচকিত কৰিছে । মৰঙীয়ালৰ জমিৰ আলী নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ কিনিবলৈ পৰিয়ালৰ লোকে ধন নিদিয়া বাবে জ্বলাই দিলে নিজৰ বাসগৃহ । জমিৰ আলী নামৰ নিচাসক্ত যুৱকজনে ড্ৰাগছ সেৱন কৰি ঘৰটো অগ্নিসংযোগ কৰাৰ ফলত ঘৰটো ভস্মীভূত হয় । পিছত স্থানীয় ৰাইজে উপায়ন্তৰ হৈ জমিৰ আলীক কৰায়ত্ত কৰি নগাঁও সদৰ থানাত গতাই দিয়ে ।  

উঠি অহা প্ৰজন্মই নিচাসক্ত দ্ৰব্য সেৱন কৰাৰ ফলত এনেধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আহিছে । বৰ্তমানো নগাঁৱত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত কেনেধৰনৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:বিৰোধী শূন্য ডিমা হাছাও, 25 টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভ, নিৰ্দলীয়ৰ দখলত তিনি সমষ্টি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.