Drive against Child marriage: পঞ্চায়তৰ প্ৰতিনিধিৰ ঘৰতে বাল্য বিবাহ, এজন আটক

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 6:31 PM IST

thumbnail

বঙাইগাঁও , ৫ অক্টোবৰ : ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ সোমবাৰৰ নিশাৰে পৰা অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আছে ৷ 

পিছে এইবাৰ সৰিয়হৰ ডুলিতে ওলাল ভুত ৷ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই এগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ ঘৰতেই লাজ লগা কাণ্ড ৷ যোগীঘোপাৰ বালাপাৰা পঞ্চায়তৰ বৰঘৰতে বাল্য বিবাহৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ যোগীঘোপা আৰক্ষীৰ জালত পৰে পঞ্চায়ত প্ৰতিনিধিৰ পুত্ৰ ৷ বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হয় বালাপাৰাৰ পীয়াৰ আলীক ৷ বালাপাৰা গাওঁ পঞ্চায়তৰ উপ-সভানেত্ৰী পীয়াৰভানৰ পুত্ৰ পীয়াৰ আলী ৷ 

পঞ্চায়তৰ সচিব আব্দুল মজিদ খানে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷ যুৱকজনে ১৬ বছৰীয়া নাবালিকাক বিয়া পতাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Husband suspicious over wife: পত্নীক পৰ পুৰুষৰ লগত সন্দেহ, স্বামীৰ লক্ষ্মণ ৰেখা পাৰ হওঁতেই পত্নীৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.