Assam Police Day:কলিয়াবৰত আৰক্ষী দিৱস উপলক্ষে ক্ৰিয়েটিভ কলিয়াবৰৰ ‘আৰক্ষী চকী’ নাট

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:21 PM IST

thumbnail

কলিয়াবৰ, 2 অক্টোবৰ : কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু কেইবাগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থতিত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত ‘আৰক্ষী চকী’ নামৰ এখন নাট মঞ্চস্থ কৰে ক্ৰিয়েটিভ কলিয়াবৰে । মানৱেন্দ্ৰ বৰাৰ ৰচনা আৰু নৃপেন চন্দ্ৰ কেওঁটৰ পৰিচালনাৰে মঞ্চস্থ হোৱা নাটখনিৰ প্ৰাৰম্ভতে আৰক্ষী বিষয়াসকলক সম্বৰ্ধনা জনোৱা হয় ।

নাটৰ মঞ্চ উদ্বোধন কৰি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এনে অনুষ্ঠানৰ জৰিয়তে দিনে-নিশাই কৰ্মৰত হৈ থকা আৰক্ষীসকলক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে, ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল । তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে উদযাপন কৰি অহা হৈছে অসম আৰক্ষী দিৱস ৷

১৮২৬ চনত ব্ৰিটিছসকলে অসমত আধিপত্য বিস্তাৰ কৰাৰ পিচত অসমত আৰক্ষী হৈছে এক নিৰন্তৰ উন্নয়ন প্ৰক্ৰিয়াৰ ফলাফল । ১৮৬১ চনৰ আৰক্ষী আইন ১৮৬২ চনত অসমত প্ৰৱৰ্তন কৰা হৈছিল আৰু একে বছৰতে ফৌজদাৰী প্ৰক্ৰিয়া বিধি পুনৰ কাৰ্যকৰী কৰা হৈছিল । ইয়াৰ পূৰ্বে, ছাৰ চৈয়দ মহম্মদ চাদুল্লাৰ অধ্যক্ষতাত ১৯২৯ চনত অসম অসামৰিক আৰক্ষী সমিতি গঠন কৰা হৈছিল ।

লগতে পঢ়ক : Assam police day 2023 : অসম আৰক্ষী দিৱসত আত্মবলিদান দিয়া অসম আৰক্ষীৰ বীৰ-শ্বহীদসকলক স্মৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.