15 বছৰীয়া ডাম্পিং গ্ৰাউণ্ড পৰিণত হ’ব সুন্দৰ উদ্যানলৈ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 10:55 PM IST

thumbnail

তিনিচুকীয়া, 16 জানুৱাৰী : তিনিচুকীয়া জিলাৰ ডুমডুমা-ফিলবাৰী পথৰ 8 নম্বৰত থকা ডাম্পিং গ্ৰাউণ্ডক জৈৱিক প্ৰকল্প হিচাপে গঢ়ি তোলাৰ এক অভিনৱ প্ৰচেষ্টা গ্ৰহণ কৰিছে ডুমডুমা পৌৰসভাই । মঙলবাৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল আৰু Project Implementation Agency Call And Fix ৰ সঞ্চালক উদয় কানৈৰ উপস্থিতিত জৈৱিক কৃষি প্ৰকল্প আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় ।

এই অনুষ্ঠানত পৌৰসভাৰ নেতৃবৃন্দ, জ্যেষ্ঠ সাংবাদিকসকল, বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে চাফাই কৰ্মীসকলো উপস্থিত থাকে । এই ডাম্পিং গ্ৰাউণ্ডত থকা বৰ্জিত প্ৰায় 18 হাজাৰ মেট্ৰিক টন প্লাষ্টিক আজি মেঘালয়ৰ ডালমিয়া চিমেণ্ট কাৰখানালৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় ।

এই ডাম্পিং গ্ৰাউণ্ডক প্ৰায় দুবছৰ ধৰি জৈৱিক কৃষি প্ৰকল্প হিচাপে গঢ় দিবলৈ প্ৰচেষ্টা হাতত লৈছিল । আৰম্ভণি হিচাপে আজি গোমধানৰ বীজ সিঁচা হৈছে আৰু ডাম্পিং গ্ৰাউণ্ডৰ জৈৱিক অৱৰ্জনাৰে প্ৰস্তুত জৈৱিক সাৰ ইয়াত পৰীক্ষা মূলকভাৱে প্ৰয়োগ কৰা হৈছে ৷

ইয়াৰোপৰি জৈৱিক প্ৰকল্পৰ কাষতেই অৰ্থাৎ ডাম্পিং গ্ৰাউণ্ডৰ মাটিতেই অনাগত দিনত ডুমডুমা পৌৰ সভা আৰু বিধায়ক ৰূপেশ গোৱালাৰ প্ৰচেষ্টাত এখন সুন্দৰ উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক : ড৹ ৰবি কোটা হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.