Filariasis disease in Assam: তিনিচুকীয়াত ফাইলেৰিয়াচিছ নিৰ্মূলৰ ঔষধ প্ৰদান অভিযান

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 9:26 PM IST

thumbnail

তিনিচুকীয়া,৩১ আগষ্ট: তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৰ আশা গৃহত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়াত ফাইলেৰিয়াচিছ নিৰ্মূলৰ বাবে গণ ঔষধ প্ৰদান অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে ৷ অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য) চিন্ময় পাঠক, সহকাৰী শ্ৰম আয়ুক্ত ভাস্কৰ মিলিকে আদি কৰি কেইবাগৰাকীও বিভাগীয় বিষয়াৰ উপস্থিতিত তিনিচুকীয়া জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰম্ভ কৰে এই অভিযান ।  

আজিৰে পৰা অৰ্থাৎ বৃহস্পতিবাৰৰে পৰা ৯ ছেপ্তেম্বৰলৈ অব্যাহত থাকিব এই অভিযান ৷ সকলো সৰ্বসাধাৰণ ৰাইজকে যাতে এই ৰোগৰ পৰা ৰক্ষা পৰিব পাৰে তাৰ কাৰণে সকলোৱে ঔষধ সেৱন কৰি অভিযানত সহযোগিতা আগবঢ়াই যাবলৈ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সকলোকে আহ্বান জনাই ৷ কেইবাগৰাকীও লোকে উক্ত অনুষ্ঠানতে ফাইলেৰিয়াচিছৰ ঔষধ সেৱন কৰে ।  

লগতে পঢ়ক: MLA Jayanta malla Baruah: ছেপ্টেম্বৰ মাহত অসমত বাল্যবিবাহ, বহু বিবাহৰ বিৰুদ্ধে গৃহীত হ’ব আইন !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.