Land Dispute: চৰকাৰী ভূমি আৰু ব্যক্তিগত ভূমিক লৈ টনা-আঁজোৰা

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 1:43 PM IST

thumbnail

বঢ়মপুৰ, 16 নৱেম্বৰ: কামপুৰত জল জীৱন মিছন আঁচনি স্থাপনত খেলিমেলি। কামপুৰ ৰাজহ চক্ৰৰ মণ্ডলে নাজানে চৰকাৰী ভূমিৰ হিচাপ । ঘটনাৰ বিৱৰণী অনুসৰি গেৰজাইপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত কামপুৰ কাজিৰঙাত চৰকাৰী আৰু পট্টা ভূমিত জল জীৱন মিছন আঁচনি স্থাপন কৰাক লৈ টনা-আঁজোৰা সংঘটিত হৈছে । এফালে এখন গাঁৱৰ ৰাইজ আৰু আনফালে ঘিলানী কান্দাপাৰাৰ আব্দুল কৰিম নামৰ এজন ব্যক্তি। কান্দাপাৰা আব্দুল কৰিম নামৰ ব্যক্তিজনে নিজৰ ভূমি বুলি চৰকাৰী ভূমিত জল জীৱন মিছন আঁচনি স্থাপন কৰাত জাঙুৰ খাই উঠিছে কাজিৰঙাৰ গাঁওবাসী। আব্দুল কৰিম নামৰ ব্যক্তিজনে দুয়োখন আঁচনিৰে জলমিত্ৰ পদটো লবলৈ বিচৰাৰ লগতে চৰকাৰী মাটিক নিজৰ পট্টাৰ মাটি বুলি দাবী কৰা বুলি বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰে গাঁওবাসীয়ে। 

ইয়াৰ পিচতে এই বিষয়টোৰ সন্দৰ্ভত কামপুৰ ৰাজহ চক্ৰৰ সুনিত কুমাৰ মজুমদাৰ নামৰ মণ্ডলগৰাকী ঘটনাস্থলীত উপস্থিত হৈ দুবাৰকৈ মাটিৰ জোখ-মাখ লয়  ৷ কিন্তু এই জোখমাখত সন্তুষ্ট নহয় গাঁওবাসী। ইতিমধ্যে সম্পূৰ্ণ বিষয়টোৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে গাঁওবাসীয়ে।

লগতে পঢ়ক: Encounter: দুৰ্বৃত্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী, এটা অপৰাধী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.